স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ টোমো ৰিবা প্ৰতিষ্ঠানত অবৈধ দখল উচ্চেদ

IMG-20180703-WA0020

স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ টোমো ৰিবা প্ৰতিষ্ঠানৰ (Tomo Riba Institute of Health and Medical Sciences) চৌহদৰ পৰা মহানগৰ প্ৰশাসন আৰু আৰক্ষীয়ে অবৈধ দখলকৃত সম্পত্তি পুনৰুদ্ধাৰ কৰিছে। এই উচ্চেদত ভালেমান পকীঘৰ আৰু ওবিটি বিল্ডিং ভাঙি পেলোৱা হৈছে। শিক্ষা প্ৰতিষ্ঠানটোৰ পৰা অবৈধ বেপাৰীসকলক আতৰোৱা হৈছে বুলি নাহৰলগুণৰ ইষ্টেট অফিচাৰ আৰু ইএচি হেণ্টো কাৰ্গাই কয়।

কাৰ্গাই আৰু জনাইছে যে সমগ্ৰ উচ্চেদ অভিযান স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ টোমো ৰিবা প্ৰতিষ্ঠানৰ দ্বাৰা সম্পূৰ্ণ কৰা হৈছে আৰু চিকিৎসা প্ৰতিষ্ঠানখনে এতিয়া সুকলমে শিক্ষা বৰ্ষ আৰম্ভ কৰিব পাৰিব।

তেওঁ পুনৰ কয় যে উচ্চেদিত লোকসকলক সহায়তা আগবঢ়োৱা হ’ব।

কেপিটেল কম্পেক্সৰ উপায়ুক্ত প্ৰিন্স ধাৱানে কয় যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদন ক্ৰমে এই উচ্ছেদ অভিযান চলোৱা হৈছে। এই উচ্ছেদৰ ফলত চিকিৎসা শিক্ষা প্ৰতিষ্ঠানটোৰ শিক্ষা বৰ্ষ স্বাভাৱিকভাৱে আগবাঢ়িব পাৰিব আৰু তাৰ পৰা অকল ৰাজ্যখনেই নহয়, সমগ্ৰ দেশ উপকৃত হ’ব।

তেওঁ আৰু কয় যে অবৈধ বেপাৰী দখলকাৰীৰ প্ৰতি জিলা প্ৰশাসনে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে আৰু স্থানীয় অধিবাসীসকলক এই লোকসকলৰ পৰা আঁতৰত থাকিবলৈ ধাৱানে আহ্বান জনায়।