স্বাৱলম্বিতাৰ স্বীকৃতি: চাইকেলেৰে চিলিণ্ডাৰ বিতৰণ কৰা বিজয়নগৰৰ অলকালৈ মুখ্য মন্ত্ৰীৰ সাহায্য

ঘৰে ঘৰে চিলিণ্ডাৰ বিতৰণ কৰি স্বাৱলম্বী হোৱা বকোৰ বিজয়নগৰৰ এগৰাকী দৰিদ্ৰ মহিলা অলকা দাসলৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়ালে আৰ্থিক সাহায্য।

উল্লেখযোগ্য যে এটি কন্যা আৰু এটি পুত্ৰ সন্তানৰ মাতৃ অলকা দাসে বিগত প্ৰায় ১০-১১ বছৰ ধৰি গেছ এজেন্সিৰ পৰা ৩ টাকৈ ভৰ্তি চিলিণ্ডাৰ চাইকেলেৰে কঢ়িয়াই পলাশবাৰী, মিৰ্জা, দখলা আদি অঞ্চলত ঘৰে ঘৰে বিতৰণ কৰি আহিছিল।

অসীম সাহস, ধৈৰ্য আৰু অতি কষ্টৰে জীৱিকা নিৰ্বাহ কৰি পৰিয়াল পোহপাল দিয়া অলকা দাসৰ কৰ্মৰ স্বীকৃতি স্বৰূপে মুখ্য মন্ত্ৰী সাহায্য পুঁজিৰ পৰা চেক যোগে আগবঢ়োৱা হ’ল ৩০,০০০ টকা। কালি মুখ্যমন্ত্ৰীৰ হৈ জনতাৰ চৰকাৰে MyGov Assamৰ এটা দলে অলকা দাসৰ বিজয়নগৰৰ বাসগৃহলৈ গৈ চেক প্ৰদান কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে যোৱা মাৰ্চ মাহত অলকা দাসৰ জীৱন সংগ্ৰামৰ পটভূমিত মুখ্যমন্ত্ৰীৰ অনলাইন প’ৰ্টেল জনতাৰ চৰকাৰ MyGov Assam এ নিৰ্মাণ কৰিছিল এখনি তথ্যচিত্ৰ। সেই তথ্যচিত্ৰখনিৰ দ্বাৰা অসমৰ ৰাইজে অলকা দাসৰ জীৱন সংগ্ৰাম সম্পৰ্কে অৱগত হোৱাৰ লগতে অসমৰ মুখ্য মন্ত্ৰীয়েও কৰ্মী মহিলাগৰাকীক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যৰে তেওঁলৈ এই আৰ্থিক অনুদান আগবঢ়ায়।

আনহাতে এই আৰ্থিক অনুদানৰ উপৰি স্বয়ম আঁচনিৰ অধীনত অলকা দাসলৈ চিলিণ্ডাৰ কঢ়িযাবৰ বাবে এখন গাড়ী আগবঢ়াবলৈও অসমৰ উদ্যোগ আৰু বাণিজ্য বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে।