NORTHEAST NOW (Assamese)

স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন আৰু বঁটা প্ৰদান সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল

April 23, 2018 11:04 pm · এন ই নাও নিউজ

সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, মটক ৰাজবংশ উন্নয়ন সমিতিৰ যৌথ উদ্যোগত কাইলৈ অৰ্থাৎ ২৪ এপ্ৰিলত গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰা হৈছে।

দিনৰ ৩ বজাত অনুষ্ঠিত হ’বলগীয়া স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন আৰু বঁটা প্ৰদান সন্দৰ্ভত এই  সংবাদমেলখন অনুষ্ঠিত কৰা হৈছে। সংবাদমেলখন গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা সকলে জনাইছে।

এই বিষয়টো অৱগত কৰি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক ধৰণী গোঁহায়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে উক্ত সংবাদমেলখনত সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনাইছে।

Related News