স্বৰ্ণ পদকৰ দাবীদাৰ মীৰাবাঈ চানুৰ এছিয়ান গেইমছত যোগদান অনিশ্চিত

CWG 2018 - Chanu Saikhom wins gold in 48kg weightlifting

ফাইল ফটো

গ’ল্ডকষ্টত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেইমছত ভাৰতৰ হৈ উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰি সোণৰ পদক আজুৰি অনা মণিপুৰৰ মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৰ আসন্ন এছিয়ান গেইমছত যোগদানৰ আশা ক্ষীণ হৈ পৰিছে। ভাৰোত্তোলক গৰাকীৰ এই খবৰে এতিয়া মৰ্মাহত কৰিছে ভাৰতৰ ক্ৰীড়া প্ৰেমীক।

উল্লেখযোগ্য যে ভাৰতীয় ভাৰোত্তোলক দলৰ মুখ্য প্ৰশিক্ষক বিজয় শৰ্মাই চানুৱে ইণ্ডোনেছিয়াত অনুষ্ঠিত হ’বলগীয়া জাৰ্কাটা এছিয়ান গেইমছৰ পৰা নাম প্ৰত্যাহাৰ কৰাটো বিচাৰে। কাৰণ তেতিয়াহে তেওঁ এইবছৰৰ শেষৰফালে অলিম্পিক কোৱালিফায়াৰলৈ সম্পূৰ্ণৰূপে ফিট হৈ খেলিবলৈ যাব পাৰিব।

‘মই ইতিমধ্যে মোৰ প্ৰতিবেদন ফেডাৰেশ্যনক দিছো। এতিয়া তেওঁলোকে চানুৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল’ব। ইমান কম সময়ৰ ভিতৰত তেওঁ কঠোৰ অনুশীলন কৰাটো ঠিক নহয়। অলিম্পিক কোৱালিফায়াৰ আহি আছে আৰু সেয়া এছিয়ান গেইমছতকৈ বেছি গুৰুত্বপূৰ্ণ’। এইদৰে কয় প্ৰশিক্ষকগৰাকীয়ে।

চানুৱে মুম্বাইত অনুশীলন আৰম্ভ কৰিছিল বুলি জানিব পৰা গৈছিল যদিও দেওবাৰে অনুশীলনৰ সময়ত তেওঁ পুনৰ পিঠিত আঘাত পায়। আৰু সেয়ে প্ৰশিক্ষক শৰ্মাই চানুৰ ক্ষেত্ৰত কোনো ৰিস্ক ল’ব বিচৰা নাই।

ইফালে আই ডব্লিউ এফৰ সচিব সহদেব যাদৱে জনাইছে যে চানুৰ সন্দৰ্ভত বৃহস্পতিবাৰেহে তেওঁলোকে চূড়ান্ত সিদ্ধান্ত ল’ব।

আনহাতে অহা এক নবেম্বৰৰ পৰা আছগাবাটত বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব আৰু চলিত বৰ্ষত সেইখনেই হ’ব প্ৰথমটো অলিম্পিক কোৱালিফায়িং ইভেণ্ট।

উল্লেখ্য যে পিঠিৰ বিষত জৰ্জৰিত তাৰকা ভাৰোত্তোলকগৰাকীয়ে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত কয়, ‘যোৱা ২৫ মে’ত পিঠিত বিষ অনুভৱ কৰো। চিকিৎসাৰ বাবে দিল্লী আৰু মুম্বাইলৈও গৈছো কিন্তু চিকিৎসকে এতিয়াও নিশ্চিত কৰিব পৰা নাই বিষৰ কাৰণ। এক্স-ৰেৰ লগতে অন্যান্য পৰীক্ষাতো ধৰিব পৰা নাই বিষৰ কাৰণ’।