স্মাৰ্ট চিটিৰ অধীনত গুৱাহাটীত নিৰ্মাণ কৰা হ’ব পাঁচটা চাইক্লিং কৰিড’ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

স্বাস্থ্য ভালে ৰখাৰ বাবে চাইকেল চলোৱাটো এটা ভাল শাৰীৰিক ব্যায়াম। চাইকেল চলোৱাৰ ফলত বৰ্ধিত প্ৰদূষণ ৰোধ হোৱাৰ লগতে অঞ্চলযুৰি সেউজীয়া কৰি ৰখাত সহায়ক হয়। সু-স্বাস্থ্য গঢ়া তথা প্ৰদূষণ ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৱাহাটীৰ বিভিন্ন স্থানত মহানগৰ উন্নয়ন সমিতিয়ে চাইক্লিং কৰিডৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই উদ্দেশ্যৰে স্মাৰ্ট চিটি আঁচনিৰ অধীনত গুৱাহাটী মহানগৰীত পাঁচটা চাইক্লিং কৰিডৰ বনোৱা হ’ব। এই কথা প্ৰকাশ কৰে গুৱাহাটী মহানগৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী স্মাৰ্ট চিটি বৰ্ডৰ ডিৰেক্টৰ এম অংগমুথুৱে।

অংগমুথুৱে কয়, ‘আমি মহানগৰবাসীক সম্পূৰ্ণৰূপে সুস্থ-সৱল তথা সু-স্বাস্থ্যৰ অধিকাৰী কৰাৰ বাবেই মহানগৰৰ বিভিন্ন স্থানত চাইক্লিং কৰিডৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ উপৰি মহানগৰত যথেষ্ট হাৰত পৰিৱেশ প্ৰদূষণ বৃদ্ধি পাইছে আৰু চাইক্লিং কৰিডৰে প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত কিছুপৰিমাণে সহায় কৰিব। কৰিডৰ স্থাপন কৰাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে’।

দীপৰ বিল, দীঘেলী পুখুৰী পাৰ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক সাঙুৰি এই কৰিডৰ কেইটা স্থাপন কৰাৰ চিন্তা-চৰ্চা কৰি থকা বুলিও অংগমুথুৱে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এই আঁচনি ৰূপায়ন হোৱাৰ আগতে চাইক্লিং কৰিডৰৰ স্থান সমূহ নিৰ্ধাৰণ কৰাটো নিতান্তই প্ৰয়োজনীয়।