স্মাৰ্ট চিটি অভিযান প্ৰকল্প ৰূপায়নত পিছ পৰি আছে গুৱাহাটী: গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰ্যালয়

স্মাৰ্ট চিটি প্ৰকল্প সন্দৰ্ভত গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক পৰ্যালোচনাৰ পৰা জানিব পৰা গৈছে যে অসমৰ গুৱাহাটী আৰু হিমাচল প্ৰদেশৰ ধৰমশালাত স্মাৰ্ট চিটি প্ৰকল্পৰ অগ্ৰগতি মুথেই সন্তোষজনক নহয়।

কেন্দ্ৰৰ স্মাৰ্ট চিটি অভিযানৰ অধীনত চলি থকা উক্ত প্ৰকল্প ৰুপায়ন কৰাৰ ক্ষেত্ৰত মহানগৰী দুখন বহু পিছ পৰি  আছে। সেয়ে প্ৰকল্প কেইটাক ক্ষিপ্ৰতাৰে কাৰ্যকৰি কৰাৰ লক্ষ্যৰে গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ে কি কাৰণত কাম কাজ লেহেমীয়া হৈ আছে তাক জানিবৰ বাবে মহানগৰী দুখনৰ খতিয়ান লোৱাৰ সিদ্ধান্ত লৈছে। আনহাতে মধ্য প্ৰদেশ, চত্তিছগড়, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মহানগৰী সমুহত অভিযানটোৰ অধীনত ভাল দৰে কাম চলি আছে অৱশ্যে পঞ্জাৱ, হিমাচল প্ৰদেশ, তামিল নাডু, কৰ্নাটক আৰু মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰকল্পটোৰ ৰুপায়ন ক্ষিপ্ৰ কৰাৰ প্ৰয়েজন আছে। উল্লেখযোগ্য যে স্মাৰ্ট চিটী অভিযানৰ অধিনত কেন্দ্ৰীয় চৰকাৰে ৯০ খন মহানগৰীক নিৰ্বাচিত কৰিছিল, উক্ত প্ৰত্যেক খন মহানগৰীয়ে বিভিন্ন প্ৰকল্প ৰুপায়নৰ উদ্দেশ্যে ৫০০ কোটি কৈ  টকা লাভ কৰিব। এই বছৰৰ ৩০ আগষ্টত স্মাৰ্ট চিটী অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি প্ৰধান মন্ত্ৰী মোডিয়ে কৈছিল যে  নিৰ্বাচিত ৯০ খন মহানগৰীত যাতে প্ৰকল্প সমুহ ঠিক মতে ৰুপায়ন তথা সফলতাৰে সমাপ্ত কৰা কয় তাক নিশ্চিত কৰাটো সকলোৰে বাবে প্ৰত্যাবান স্বৰূপ।