NORTHEAST NOW (Assamese)

সৰভোগত নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হস্পিতাল গুৱাহাটীৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ

April 21, 2018 9:40 pm · ইয়াছিন আলী
Updated: April 21, 2018 9:42 pm

শনিবাৰে পুৱা সৰভোগত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ হৈ যায়।

উল্লেখযোগ্য যে শনিবাৰে পুৱা ১০:৩০ বজাৰ পৰা আবেলি ১ঃ৩০ বজালৈ সৰভোগ গান্ধী ভৱনত বীনামূলীয়া স্বাস্থ্য শিৱিৰটো অনুষ্ঠিত হয় ।

উক্ত স্বাস্থ্য শিৱিৰটো বৰনগৰ প্ৰাক্তন সৈনিক সন্থাৰ উদ্যোগত আৰু নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হস্পিতাল গুৱাহাটীৰ উদ্যোগত বৰপেটা জিলাৰ সৰভোগ গান্ধী ভৱনত অনুষ্ঠিত হয়।

বিনামূলীয়া স্বাস্থ্য শিৱিৰত ১১০ গৰাকী পুৰুষ, মহিলাক চিকিৎসা প্ৰদান কৰা হয়। আতাউৰ ৰহমানে প্ৰকাশ কৰা  অনুসৰি বিনামূলীয়া চিকিৎসা শিৱিৰটোত ডাঃ সমৰ দত্ত, ডাঃ অভিশেষ লহকৰ, ডাঃ হৰেশ কলিতাই চিকিৎসা প্ৰদান কৰে।

আনহাতে দৰিদ্ৰ ৰোগী সকলে উদ্যোক্তা সকলোক এই বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Related News