NORTHEAST NOW (Assamese)

সৰুসজাই ষ্টেডিয়ামত এ এফ চি কাপৰ এখন খেলত আজি বেংগালুৰু এফ চিৰ মুখামুখি হ’ব আইজল এফ চি

April 5, 2018 8:54 am · এন ই নাও নিউজ
Updated: April 5, 2018 2:27 pm

আজি গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত এ এফ চি কাপৰ এখন খেলত আইজল এফ চি আৰু বেংগালুৰু এফ চি মুখামুখি হ’ব।

সন্ধিয়া ৬.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই খেলখনৰ বাবে ইতিমধ্যে দুয়োটা দল আহি গুৱাহাটীত উপস্থিত হৈছে।

আইজল এফ চিয় ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামক হ’ম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিব, যাৰ বাবে দলটোৱে আজিৰ খেলখনকে ধৰি মুঠ ৩ খন ইয়াত খেলিব। আন দুখন খেল হৈছে ১১ এপ্ৰিলত বাংলাদেশৰ আবাহনী ঢাকা লিমিটেডৰ বিৰুদ্ধে আৰু ১৬ মে’ত মালদ্বীপৰ নিউ ৰেডিয়েণ্ট স্পৰ্টছ ক্লাবপ বিৰুদ্ধে।

আইজল এফ চিৰ প্ৰশিক্ষক সন্তোষ কাশ্যপে প্ৰতিপক্ষ বেংগালুৰু এফ চি শক্তিশালী আখ্যা দি আজিৰ খেলখন প্ৰত্যাহ্বানপূৰ্ণ হ’ব বুলি উল্লেখ কৰে।

বেংগালুৰু দলৰ প্ৰশিক্ষক এলবাৰ্ট ৰ’কা তথা দলটোৰ শীৰ্ষ স্থানীয় খেলুৱৈ বি হাওকিপেও প্ৰতিপক্ষ আইজল এফ চিৰ খেলক প্ৰশংসা কৰে। যোৱা ইণ্ডিয়ান ছুপাৰ লীগৰ ফাইনেলত পৰাস্ত হোৱা বেংগালুৰু এফ চিক কিছু চাপত থকা পৰিলক্ষিত হৈছে।

Related News