নাৰীজনিত অপৰাধ প্ৰতিৰোধ কৰিবলৈ অসমত নতুন আইন প্ৰণয়ন কৰা হ’ব। আন কিছুমান ৰাজ্যই ইতিমধ্যে বলাৎকাৰ, নাৰী নিৰ্যাতনকাৰীক কঠোৰ শাস্তি প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰিছে।
অসমতো এনে ঘটনা প্ৰতিৰোধ বা নিয়ন্ত্ৰণৰ বাবে অপৰাধীক তাৎক্ষণিকভাৱে কঠোৰ শাস্তি বিহিবলৈ পৰৱৰ্তী বিধানসভাৰ অধিৱেশনত নতুন আইন গ্ৰহণ কৰা হ’ব বুলি বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধানসভাত ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নাৰীৰ সন্মান ৰক্ষা কৰাৰ স্বাৰ্থত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হ’ব। শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত বলাৎকাৰৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰসংগটো বুধবাৰে বিধানসভাত শূন্য কালত উত্থাপন কৰিছিল বিজেপিৰ সদস্যা আঙুৰলতা ডেকাই।
তেওঁ ৰাজ্যখনত নাৰীসকলৰ লগতে নাবালিকা আৰু ছাত্ৰীসকল নিৰাপত্তাহীনতাত ভোগাৰ কথা উল্লেখ কৰে। শেহতীয়াকৈ সংঘটিত কেইবাটাও নাৰকীয় বলাৎকাৰৰ ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বহুক্ষেত্ৰত আইনৰ সুৰুঙাত অপৰাধী সাৰি যায়।
বিষয়টোৰ গুৰুত্ব অনুধাবন কৰি অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে কংগ্ৰেছৰ অজন্তা নেওগ, নন্দিতা দাস, বি পি এফৰ কমলী বসুমতাৰী, অগপৰ ৰেণুপমা ৰাজখোৱা, বিজেপিৰ সুমন হৰিপ্ৰিয়াৰ লগতে এ আই ইউ ডি এফৰ আমিনুল ইছলামক বক্তব্য ৰখাৰ সুযোগ দিয়ে।
শাসক-বিৰোধী দলৰ সদস্যসকলে নাৰীজনিত অপৰাধ ৰোধ কৰাৰ লগতে অপৰাধীক ততাতৈয়াকৈ শাস্তি দিব পৰাকৈ শক্তিশালী আইন প্ৰণয়নৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনোৱাত মুখ্যমন্ত্ৰী সোণোৱালে অহা বিধানসভাতে মহিলাৰ সুৰক্ষাৰ বাবে এখন আইন প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে বিধানসভাত কয় যে নাৰীজনিত অপৰাধ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এখন শক্তিশালী আইনৰ প্ৰয়োজনীয়তাৰ কথা বিধায়কসকলৰে নহয় ৰাইজৰো মনৰ কথা। বৰ্তমান চৰকাৰে নাৰীৰ ওপৰত অত্যাচাৰ বা নিৰ্যাতন চলোৱাৰ অভিযোগ যেতিয়াই লাভ কৰিছে তেতিয়াই লগে লগে তেওঁলোকক কৰায়ত্ত কৰা হৈছে।
এনে বহু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পলম হোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰি গোচৰ সোনকালে নিষ্পত্তি কৰি শাস্তি বিহিবলৈ অনুৰোধ জনাই পত্ৰ লিখাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। তেওঁ লগতে জনায় যে প্ৰতিখন জিলাতে ফাষ্ট্ৰ ট্ৰেক আদালত স্থাপন হ’ব।
বৰ্তমান সমাজত চলি থকা অন্ধবিশ্বাস, কুসংস্কাৰ নিৰ্মূল কৰাৰ ক্ষেত্ৰত প্ৰতিজন বিধায়কৰ দায়িত্ব আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সমাজত ঘটি থকা অপৰাধ ৰোধ কৰিবলৈ গণতন্ত্ৰৰ সকলোকেইটা স্তম্ভৰে সহায়ৰ প্ৰয়োজন বুলি মত ব্যক্ত কৰে।