সৰু-বৰ জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ বিকাশ অবিহনে অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ অসম্ভৱ

Bhaona

মাজুলীৰ আউনীআটী সত্ৰত অনুষ্ঠিত সদৌ অসম ভাওনা সমাৰোহত মুখ্য মন্ত্ৰী।

সৰু-বৰ জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ বিকাশ অবিহনে অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ সম্ভৱ নহয়। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি মুখ্য মন্ত্ৰীজনৰ গৃহ সমষ্টি মাজুলীত দেউৰী সাহিত্য সভাৰ ৩৩ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। তেওঁ অসমৰ সৰু-বৰ প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ভাষা-সংস্কৃতি সমৃদ্ধিশালী আৰু সংৰক্ষণ কৰিবলৈ প্ৰয়াস কৰিব লাগিব বুলি মত ব্যক্ত কৰে। তেওঁ কয় যে নিজা ভাষা-সংস্কৃতিক লৈ গৰ্ব কৰিলে সেই জনগোষ্ঠীৰ ভাষা-সাহিত্য শক্তিশালী হোৱাৰ লগতে বৃহত্তৰ অসমীয়া সমাজখনৰ ভাষা-সংস্কৃতিও শক্তিশালী হ’ব।

মুখ্য মন্ত্ৰীজনে দেউৰী জনগোষ্ঠীৰ পুৰোধা ব্যক্তি ভীমবৰ দেউৰী অসমীয়া জাতিৰ নমস্য ব্যক্তি বুলি উল্লেখ কৰে। ভীমবৰ দেউৰীয়ে গ্ৰুপিঙৰ সময়ত অসমক বচাবৰ সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সৈতে দৃঢ়তাৰে থিয় দিছিল বুলি তেওঁ কয়। তেওঁ দেউৰীসকলক অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অন্যতম বুলি কয়। অসমীয়া জাতিৰ বিকাশত দেউৰীসকলেও গুৰুত্বপূৰ্ণ অৰিহণা আগ বঢ়াই আহিছে বুলি মন্তব্য কৰে।

আনহাতে তেওঁ মাজুলীৰ নাম এতিয়া পৃথিৱীৰ মানুহৰ মুখে মুখে বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। শান্তি আৰু আধ্যাত্মিকতাৰ জ্ঞান আহৰণ কৰিব লাগিলে মাজুলীলৈ আহিব বুলিও মন্তব্য কৰে।

আজিৰ মুকলি সভাত সভাপতিত্ব কৰিছিল সভাপতি লীলা দেউৰীয়ে। মুখ্য মন্ত্ৰীৰ উপৰি মুকলি সভাত উপস্থিত আছিল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী মাধৱ দেউৰী, কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী আৰু অন্যান্য গণ্যমান্য ব্যক্তি

আনহাতে আজি মুখ্য মন্ত্ৰীয়ে মাজুলীৰ আউনীআটী সত্ৰত অনুষ্ঠিত সদৌ অসম ভাওনা সমাৰোহতো কিছু সময় উপস্থিত আছিল।