NORTHEAST NOW (Assamese)

সৰ্থেবাৰীৰ কালাদি ৰিজাৰ্ভৰ শিৱলাল দাসৰ পৰিয়ালক আক্ৰমণ কৰা ৮ অভিযুক্তক কৰায়ত্ত

April 25, 2018 9:27 pm · পুলেন্দ্ৰ দাস
Updated: April 25, 2018 9:34 pm
প্ৰতিনিধিত্বমূলক ছবি

যোৱা ১৯ এপ্ৰিলত বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কালাদি ৰিজাৰ্ভত শিৱলাল দাসৰ পৰিয়ালক আক্ৰমণ কৰা ৮ গৰাকী অভিযুক্তক আজি বৰপেটা জিলাৰ আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, ১৯ এপ্ৰিলত সৰ্থেবাৰী থানাৰ অন্তৰ্গত কালাদি ৰিজাৰ্ভৰ শিৱলাল দাস নামৰ এজন ব্যক্তিৰ পৰিয়ালৰ ওপৰত একাংশ লোকে যাঠি-জোং, চোকা অস্ত্ৰ আদি লৈ চলোৱা আক্ৰমণত পৰিয়ালটোৰ ৮ জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আক্ৰমণটোত আনকি আশী বছৰীয়া বৃদ্ধৰ পৰা শিশু আৰু গৰ্ভৱতী মহিলাও সাৰি যাব পৰা নাছিল।

এই সম্পৰ্কত ইতিমধ্যে ৩ জন লোকক আটক কৰা হৈছিল, আজি আটক কৰা ৮ গৰাকী অভিযুক্তসহ মুঠ ১১ জনক উক্ত ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনা সংঘটিত হোৱাৰ এদিন পিচত বৰপেটাৰ উপ-আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যই দিলোৱাৰ আলী, আনোৱাৰ ৰহমান আৰু মিজান খান নামৰ অভিযুক্ত ৩ জনক কৰায়ত্ব কৰাৰ পিচত বাকী অভিযুক্ত কেইজনক কৰায়ত্ব কৰাৰ বাবে তীব্ৰ অভিযান আৰম্ভ কৰিছিল।

আনহাতে জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা এই ঘটনাটোত জড়িত অভিযুক্ত কেইজনক স্থানীয় লোকে সন্দেহযুক্ত নাগৰিক বুলি অবিহিত কৰি দোষীক গ্ৰেপ্তাৰ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছিল।

ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে জোৰদাৰ অভিযান চলাই অৱশেষত আজি ৮ অভিযুক্ত ক্ৰমে আনাৰ আলী, কাদেৰ আলী, আতোৱাৰ ৰহমান, ৰফিক আলী, চানোৱাৰ আলী, তমছেৰ আলী, হামিদ আলী আৰু ৰেজাকুল হকক আৰক্ষীয়ে আটক কৰে।

মন কৰিবলগীয়া যে কালাদি ৰিজাৰ্ভত সন্দেহযুক্ত নাগৰিকে শ শ বিঘা মাটি বেদখল কৰি আধিপত্য বিস্তাৰ কৰি আহিছে বুলিও স্থানীয় ৰাইজে অভিযোগ তুলে।

আটকাধীন লোককেইজনক সম্প্ৰতি বৰপেটা আৰক্ষী থানাত জেৰা কৰি থকা হৈছে।

Related News