সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ মূল সমিতিলৈ উত্তৰ-পূবৰ আৰু এগৰাকী মহিলা

Jarjum-Ete

জাৰ্জুম এতে

অসমৰ সাংসদ সুস্মিতা দেবৰ পিছত সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ মূল সমিতিত অন্তৰ্ভুক্ত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ আন এগৰাকী মহিলা।

অৰুণাচল প্ৰদেশৰ কংগ্ৰেছী নেত্ৰী জাৰ্জুম এতেক যোৱা বৃ্হস্পতিবাৰে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা হিচাপে নিযুক্তি দিয়া হৈছে।

সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জনাৰ্দন দ্বিবেদীয়ে আজি শনিবাৰে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে।

কংগ্ৰেছে সুস্মিতা দেবক মহিলা কংগ্ৰেছৰ মুৰব্বী হিচাপে যোৱা বছৰ নিযুক্তি দিছিল।

৫৫ বছৰীয়া এতে অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ।

১৯৮৫ চনত তেওঁ অৰুণাচল প্ৰদেশ মহিলা কল্যাণ সমিতিৰ সদস্য হিচাপে যোগ দি পিছলৈ ইয়াৰ মুখপাত্ৰ হৈছিল।