সৰ্বসাধাৰণ ৰাইজৰ মূৰত পুনৰ মাধমাৰ; ৪৯ টকাকৈ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য

প্ৰতি দিনে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাজ্যবাসীক জুৰলা কৰাৰ সময়তে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

উল্লেখযোগ্য যে ৰাজ্যবাসীৰ মূৰত মাধমাৰ সোধাই পুনৰ ঘৰুৱা ব্যৱহাৰৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম ৪৯ টকাকৈ বৃদ্ধি পালে আৰু বাণিজ্যিক ব্যৱহাৰৰ চিলিণ্ডাৰৰ দাম ৭০ টকাকৈ বৃদ্ধি পালে। শনিবাৰৰ মাজ নিশাৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিৰিখ।

মন কৰিব লগীয়া যে বিগত মাহত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৪৮ টকাকৈ বৃদ্ধি পোৱাৰ পিছতে পুনৰ এমাহৰ পিছতে ৪৯ টকাকৈ বৃদ্ধিয়ে সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। বিগত মাহত আন্তৰ্জাতিক বজাৰত দাম বৃদ্ধিৰ আচিলাৰে বৃদ্ধি কৰিছিল প্ৰতিটো চিলিণ্ডাৰৰ দাম।

আনহাতে পেট্ৰ’ল-ডিজেল, খাদ্য সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে ঘৰুৱা চিলিণ্ডাৰৰো এনেদৰে প্ৰতি মাহেই মূল্য বৃদ্ধি কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই সৰ্বসাধাৰণ ৰাইজে।