NORTHEAST NOW (Assamese)

‘হাইজিন ফৰ ৱ’মেন’ শীৰ্ষক সামৰণি অনুষ্ঠানত পাগলাদিয়াপাৰত একেলগে ৫০গৰাকী শিল্পীয়ে অংকন কৰিব চিত্ৰ

December 25, 2017 9:18 am · এন ই নাও নিউজ

মহিলাসকলৰ মাজত পৰিচ্ছনতা আৰু চেনিটেৰী নেপকিনৰ উচিত ব্যৱহাৰৰ সন্দৰ্ভত নলবাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান এ বি চি ডিয়ে চলিত বছৰত এক ‘হাইজিন ফৰ ৱ’মেন’ শীৰ্ষক সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰিছিল। এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান ৰবিবাৰৰ পৰা আৰম্ভ হৈছে। সামৰণি অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে কালি সন্ধিয়া নলবাৰী চহৰৰ গুৰুজী আদ্য শৰ্মা উদ্যানত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সদস্য সকলে চাফাই অভিযান চলায়। লগতে আদ্য শৰ্মাৰ আৱক্ষ মূ্ৰ্তীত সাংবাদিক কমলেশ শৰ্মা, জিতেন শৰ্মা আৰু বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে বন্তি প্ৰজ্বলন কৰে।

সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি নলবাৰী চহৰৰ গণেশ মন্দিৰৰ ওচৰৰ পাগলাদিয়া নদীৰ পাৰত ৰাজ্যৰ ৫০গৰাকী শিল্পীয়ে একেলগে চিত্ৰাংকন কৰিব। এই চিত্ৰাংকন অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব বিশিষ্ট শিল্পী জ্ঞানেন বৰকাকতিয়ে। ইয়াৰ সমান্তৰালকৈ ‘পুৰণি দিনৰ স্মৃতি’ শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰিব। এই কাৰ্যসূচী কেইটা অন্ত পৰাৰ পিছত আজি বিয়লি দিগন্ত মিশ্ৰৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ’ব। মুকলি সভাত উপস্থিত থাকিব নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, নলবাৰী আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্য, নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদুৎ ভুঞা, বিশিষ্ট সমাজ কৰ্মী গণেশ তামুলী, লেখিকা বিভা বুজৰবৰুৱা, সাংবাদিক সংঘামিত্ৰা শৰ্মা বৰুৱা, সমাজসেৱী অৰ্চনা বৰঠাকুৰ আৰু আৰ জে মেঘা।

Related News