হাইলাকান্দিত ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা

ধৰ্ষণ

প্ৰতিনিধিত্বমূলক ছবি

বৃহস্পতিবাৰে হাইলাকান্দিত ১৪ বছৰীয়া এগৰাকী কিশোৰীক এটা নৰপিশাচ তথা লম্পটে ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য মতে ঘটনাটো সংঘটিত হয় মিজোৰাম সীমান্তৰ হাইলাকান্দি জিলাৰ বেতছৰা পূৰ্বশ্ৰী গাঁৱত।

জানিব পৰা মতে ১৪ বছৰীয়া কিশোৰী গৰাকী বিদ্যালয়ৰ পৰা আহি নিজা বাসগৃহত আহি উপস্থিত হোৱাৰ পিছতে লম্পটটোৱে সুবিধা বুজি কিশোগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰে। ইয়াৰ পিছতে লম্পটটোৱে কিশোৰীগৰাকীক ধৰ্ষণ কৰি নিজৰ কু-কৰ্ম ঢাকিবলৈ কিশোৰী গৰাকীক নৃশংশভাৱে হত্যা কৰে।

আনহাতে উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ত কিশোৰী গৰাকীৰ পিতৃ-মাতৃ বাসগৃহটোত উপস্থিত নাছিল।

ইফালে কিশোৰী গৰাকীৰ পিতৃ-মাতৃ বাসগৃহত উপস্থিত হৈ কিশোৰী গৰাকীক মৃত অৱস্থাত দেখা পাই তাৎক্ষণিকভাৱে হাইলাকান্দি জিলাৰ কালিচেৰা আৰক্ষী চকীত ঘটনাৰ বিষয়ে অৱগত কৰে।

ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে পৰিয়ালৰ লকে উক্ত ঘটনা সংঘটিত কৰা লম্পটটো জাছিম উদ্দিন বৰভূঞা বুলি চিনাক্ত কৰিছে।

ইতিমধ্যে কিশোৰী গৰাকীৰ পৰিয়লাৰ লোকে ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণকাৰী জাছিম উদ্দিন বৰভূঞাক আটক কৰাৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নায়।

স্থানীয় লোকে উক্ত ঘটনাৰ লগত জড়িত নৰপিশাচক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছে।