হাউলী চহৰৰ সমস্যা সমাধানৰ দাবীত আছুৰ মৌন প্ৰতিবাদ, নগৰ সমিতিৰ সভানেত্ৰীক স্মাৰক পত্ৰ প্ৰদান

হাউলী নগৰৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা সমস্যাসমূহ সমাধানৰ দাবীত হাউলী আঞ্চলিক ছাত্ৰ সন্থাই আজি ১ জুনত এক মৌন সমদল উলিয়ায়।

নগৰখনৰ নলা-নৰ্দমাসমূহ ঠিক কৰি কৃত্ৰিম বানপানীৰ পৰা নগৰবাসীক পৰিত্ৰাণ দিয়া, অপৰিকল্পিত নিৰ্মাণকাৰ্য বন্ধ কৰা, বাট-পথসমূহ মেৰামতি আৰু পুনৰনিৰ্মাণ কৰা, পদপথ সুচল কৰা আৰু বেদখল উচ্ছেদ কৰাৰ আদি দাবীত এই প্ৰতিবাদী মৌন সমদল উলিওৱা হয়৷

নগৰ সমিতিৰ সভানেত্ৰীক সমস্যাসমূহৰ শীঘ্ৰ সমাধানৰ বাবে ১১ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ  প্ৰদান কৰি প্ৰতিবাদীসকলে সকীয়নি দিয়ে যে দাবীসমূহ শীঘ্ৰে সমাধান নকৰিলে পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব।

ছাত্ৰ সন্থাৰ আহ্বানত নগৰখনৰ বয়োজ্যেষ্ঠ ব্যক্তি, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজে এই প্ৰতিবাদত ভাগ লয়।