NORTHEAST NOW (Assamese)

হাটশিঙীমাৰিত হাতত জালনোট থকা এজনক গ্ৰেপ্তাৰ; ২০ হাজাৰ টকা মূল্যৰ ৫০০ টকীয়া উদ্ধাৰ

April 10, 2018 6:44 pm · মুকেশ কুমাৰ সিং

দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ সদৰ হাটশিঙিমাৰীত হাতত জাল ২০ হাজাৰ ভাৰতীয় টকা থকা নুৰ মহম্মদ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

গোপন সূত্ৰৰ পম খেদি দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে ছুপাৰ মাৰ্কেট এলেকাৰ পৰা ৯ এপ্ৰিলৰ সন্ধিয়া অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোকজনক হাটশিঙিমাৰী আৰক্ষী থানাৰ অধীনৰ কক্ৰাদাংগা গাঁৱৰ মতিউৰ ৰহমানৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে উদ্ধাৰ হোৱা সকলোখিনি জালনোট ৫০০ টকীয়া।

আৰক্ষী সূত্ৰই জনোৱা মতে গ্ৰেপ্তাৰ হোৱা লোকজনে ক’ৰ পৰা জালনোটখিনি পালে আৰু কাক এইখিনি দিয়াৰ কথা আছিল জানিবৰ বাবে লোকজনক জেৰা চলাই থকা হৈছে।

Related News