হাতীৰ প্ৰাণ বচোৱা ৰেইলচালককেইজনক বঁটা দিব উত্তৰ-পূব ৰেইলৱেই

elephant_crossing_rail

ৰেইল লাইন পাৰ হৈ থকা অৱস্থাত এটা হাতীক নিশ্চিত খুন্দাৰ পৰা ৰক্ষা কৰা ৰেইলচালককেইজনক বঁটাৰে পুৰস্কৃত কৰিব উত্তৰ-পূব ৰেইলৱেই। এই কথা মালিগাৱঁৰ উত্তৰ-পূব ৰেইলৱেইৰ এটা সূত্ৰত প্ৰকাশ।

উল্লেখযোগ্য যে যোৱা ২২ মাৰ্চত জখলাবন্ধাৰ ওচৰত ৰেইললাইন পাৰ হৈ থকা অৱস্থাত এটা হাতীক মাত্ৰ ৬৫ মিটাৰ দূৰৰ পৰা দেখা পোৱাৰ পিছত শিলঘাটৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেইনখনৰ চালককেইজন (crew members) অতি তৎপৰতাৰে ট্ৰেইনখন ৰখাবলৈ সক্ষম হয়। ফলত হাতীটোৰ প্ৰাণ ৰক্ষা পৰে। ঘণ্টাত প্ৰায় ৫৪ কিলোমিটাৰ বেগত অহা ট্ৰেইনখন চালককেইজনে জৰুৰীকালীন ব্ৰেইক (emergency brake) ব্যৱহাৰ কৰি ৰখায়। হাতীটোক স্পৰ্শ কৰিবলৈ মাত্ৰ ২৫ মিটাৰ থকা অৱস্থাত ট্ৰেইনখন নিৰাপদে ৰখোৱাত সক্ষম হয় চালককেইজন। অৱশ্যে ক্ৰুদ্ধ হাতীটোৱে ট্ৰেইনখনত আক্ৰমণ কৰে।

উল্লেখযোগ্য যে উক্ত অঞ্চল হাতী অহা-যোৱা কৰা পটি বুলি চিহ্নিত নহয়। তাৰোপৰি হাতীৰ উপস্থিতি সম্পৰ্কতো কোনো খবৰ পোৱা নাছিল তেওঁলোকে। তথাপি তেওঁলোকৰ তৎপৰতা মন কৰিব লগীয়া তথা প্ৰশংসনীয়। ৰাজ্যখনৰ বিভিন্ন ঠাইত ৰেইলৰ খুন্দাত হাতী নিহত হৈ থকাৰ মাজতে এই চালককেইজনৰ তৎপৰতাত এটা হাতী নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰাত ৰেইলবিভাগেও সন্তুষ্টি প্ৰকাশ কৰিছে। এই প্ৰশংসনীয় কামটো কৰা চালককেইজন আছিল কনক চন্দ্ৰ নাথ (ল’ক’ পাইলট), ৰবিৰঞ্জন কুমাৰ (এছিছটেণ্ট ল’ক’ পাইলট) আৰু অৰুণ ৰাভা (গাৰ্ড)।

মালিগাওঁস্থিত উত্তৰ-পূবৰ ৰেইলৰ মহা প্ৰবন্ধকে তেওঁলোককেইজনৰ নাম পুৰস্কাৰৰ বাবে মনোনীত কৰা বুলি জানিব পৰা গৈছে।