উজনি অসমৰ পাটকাই পৰ্বতৰ নামনিত অৱস্থিত নামৰূপত বিগত প্ৰায় তিনি বছৰত হাতী মানুহৰ সংঘাত এটা শংকাজনক মাত্ৰাত বাঢ়ি আহিছে। যোৱা কেইবছৰত পাটকাই পৰ্বতৰ পৰা নামি অহা বনৰীয়া হাতীয়ে এই অঞ্চলটোৰ গাঁওবাসীসকলৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে, শস্য পথাৰ তছনছ কৰিছে আনকি মানুহকো হত্যা কৰিছে। নামৰূপত হাতী-মানুহৰ সংঘাত এতিয়া এটা সাধাৰণ ঘটনাত পৰিণত হৈ পৰিছে।
এই এলেকাটোত ক্ৰমে বাঢ়ি অহা হাতী-মানুহৰ সংঘাত লাঘৱ কৰাৰ বাবে নামৰূপ ফৰেষ্ট বীট অফিচ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ গোটে কালি পাটকাই পৰ্বতৰ সীমান্তৱৰ্তী এলেকাসমূহত কলপুলি ৰোপণৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কলপুলি ৰোপণৰ কাৰ্যসূচীত স্থানীয় জনসাধাৰণেও সহায়ৰ হাত আগবঢ়ায়। হাতীৰ খাদ্যৰ অভাৱ দূৰ কৰিবলৈ তথা খাদ্যৰ অভাৱৰ হেতুকে হাতীয়ে মানুহৰ বসতি এলেকাত প্ৰৱেশ কৰাটো হ্ৰাস কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
নামৰূপ অৰণ্যৰ বীট অফিচৰ বিষয়াসকলে আৰু আছুৰ নেতাসকলে জনাইছে যে প্ৰথম বাৰৰ বাবে নামৰূপ ফৰেষ্ট বীট অফিচ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ গোটে পৰ্যায়ক্ৰমে প্ৰায় ৫০০০ হাজাৰ কলপুলি ৰোপণ কৰা আৰম্ভ কৰিছে। তেওঁলোকে আৰু জনাইছে যে এই কলপুলি ৰোপণ কৰা কাম প্ৰতি ৰবিবাৰে কৰা হ’ব আৰু এই কাম আগষ্ট মাহলৈকে চলি থাকিব।
কলপুলি ৰোপণ কাৰ্যসূচীত হাত উজান দিবলৈ অহা স্থানীয় গাঁৱবাসীয়ে আয়োজকসকলৰ এই কামৰ ভূয়সী প্ৰশংসা কৰিছে।
এই কলপুলি ৰোপণ কাৰ্যসূচীত ‘বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, নামৰূপ আঞ্চলিক’, পানীচুকীয়া বনগাঁও আৰু চাক্য গাঁওৰ প্ৰতিনিধিসকল উপস্থিত আছিল।
উল্লেখ্য যে কালি অনুষ্ঠিত হোৱা কলপুলি ৰোপণ কাৰ্যসূচীটোত ১০০তকৈও অধিক লোকে অংশগ্ৰহণ কৰিছিল।