NORTHEAST NOW (Assamese)

হাফলঙত প্লাষ্টিক বৰ্জনৰ শ্ল’গানেৰে চাফাই অভিযান ডিবাৰাই মহিলা সমিতিৰ

May 1, 2018 9:25 pm · পংকজ কুমাৰ দেব

‘প্লাষ্টিক বৰ্জন কৰক’ (‘Say no to plastic’) শ্ল’গানেৰে আজি ১ মে’ত হাফলং ( Haflong )ত এক বিশেষ অভিযান আৰম্ভ কৰিছে ডিবাৰাই মহিলা সমিতিয়ে।

হাফলং ব্যৱসায়ী সংস্থা, জুদিমা উৎসৱ আয়োজন সমিতি আৰু বহুসংখ্যক স্থানীয় লোকে অভিযানটোত মহিলা সমিতিখনক সহযোগ কৰে।

অভিযানটোত সমিতিয়ে ৰাইজক প্লাষ্টিকৰ সলনি কাপোৰৰ মোনা ব্যৱহাৰৰ বাবে আহ্বান জনায়।

সমিতিৰ উদ্যোগটোক আদৰণি জনাই হাফলং নগৰ সমিতিৰ অধ্যক্ষ অনিল দাউলাগুপুৱেও ৰাইজক পৰিৱেশৰ ক্ষতি কৰা প্লাষ্টিকৰ মোনাৰ সলনি মৰাপাটৰ মোনা ব্যৱহাৰ কৰাৰ আহ্বান জনায়।

‘এয়া আৰম্ভণিহে। আমি আমাৰ অভিযান চলাই যাম’ বুলি মন্তব্য কৰিছে মহিলা সমিতিখনৰ এগৰাকী সদস্যাই।

Related News