হাফলঙত মুখ্য মন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণয় পৰিসেৱা মুকলি

FreeDiagonostic

আজি হাফলং অসামৰিক চিকিৎসালয়ত মুখ্য মন্ত্ৰী বিনামূলীয়া ৰোগ নিৰ্ণয় পৰিসেৱাৰ আনুষ্ঠানিক আৰম্ভণি কৰা হয়। বিনামূলীয়া এই পৰিসেৱাৰ  আনুষ্ঠানিক শুভাৰম্ভ কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ সচিব মেঘনজয় থাউচেনে।

উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে ডিমা হাচাও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দীপালী বৰ্মন, হাফলং অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কল্পনা কেম্প্ৰাই আদি। এই বিনামূলীয়া পৰিসেৱাৰ যোগেদি ৰাইজে মুঠ পঞ্চাচবিধ ৰোগৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰিব। এই পৰিসেৱাৰ দায়িত্ব দিয়া হৈছে হিন্দল্যাব নামৰ এটা প্ৰতিষ্ঠানক। সূত্ৰটোৱে জনোৱা মতে, আজিৰ পৰাই ৰাইজে এই পৰিসেৱা লাভ কৰিব।

ইয়াৰ আগতে ৰাইজে এনে বিভাগৰ পৰীক্ষা-নিৰীক্ষাৰ কাৰণে অধিক ব্যয় বহন কৰিব লগা হৈছিল আৰু লগতে এই সেৱা উন্নত মানত লাভ কৰিবৰ বাবে চিকিৎসালয়খনৰ বাহিৰলৈ যাব লগীয়া হৈছিল।

আনহাতে এই বিনামূলীয়া পৰিসেৱাৰ পৰা দুখীয়া ৰাইজ উপকৃত হ’ব বুলি মন্তব্য কৰে সচিব থাউচেনে। অনুষ্ঠানটোত উপস্থিত থকা হাফলং অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কল্পনা কেম্প্ৰাইয়ে কয় যে ইয়াৰ আগতে বিনামূলীয়া চিটি স্কেইন পৰিসেৱা মুকলি কৰা হৈছিল। কিন্তু এতিয়া পঞ্চাচবিধ পৰীক্ষা-নিৰীক্ষা মুখ্য মন্ত্ৰীৰ বিনামূলীয়া পৰিসেৱাৰ আওতালৈ অহাত হোৱাত বিশেষকৈ পাহাৰীয়া ৰাইজ উপকৃত হ’ব।