হাফলঙত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত আম্বেদকৰ জয়ন্তী পালন

IMG-20180414-WA0091

শনিবাৰে গোটেই দেশৰ লগতে সংগতি ৰাখি ডিমা হাচাও জিলাৰ হাফলঙত ভাৰতৰ সংবিধান প্ৰণেতা বাবা চাহেব ড. ভীমৰাওজী আম্বেদকৰৰ ১২৭ সংখ্যক জন্ম জয়ন্তী স্বয়ং সেৱক সংঘৰ নামচেই ভৱনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে বাবা চাহেবৰ প্ৰতিচ্ছবিৰ সম্মুখত উপস্থিত বিশিষ্ট ব্যক্তি সকলে বন্তি প্ৰজ্জ্বলনৰ লগতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। সংঘৰ নেতা গোপাল হৰিজনৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত শতাধিক সংঘ নেতাকৰ্মী উপস্থিত থকাৰ লগতে  বাবা চাহেবৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে উপস্থিত বক্তা সকলে।

হাফলঙৰ বিশিষ্ট সংঘ প্ৰচাৰক দীনেশ তিৱাৰিয়ে আম্বেদকাৰৰ কৰ্ম জীৱনৰ ওপৰত বক্তব্য আগবঢ়াই কয় যে ড: আম্বেদকৰ এগৰাকী ৰাজনীতিবিদৰ লগতে ভাল অৰ্থনীতিবিদ আৰু এগৰাকী সমাজ সংস্কাৰকো আছিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল ড. আম্বেদকৰ। তেওঁ বিশেষকৈ দলিত সম্প্ৰদায়ৰ উন্নয়নৰ হকে মাত মতাৰ উপৰি দেশ জুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছিল।

উল্লেখযোগ্য যে আম্বেদকৰৰ জন্ম ১৮৯১ চনৰ ১৪ এপ্ৰিলত বৰ্তমান মধ্যপ্ৰদেশৰ মহুত হৈছিল।

শনিবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ ই এম কুলেন্দ্ৰ দাউলাগুপু, ৰজতমণি থাউচেন,মনীন্দ্ৰ দাস আদিকে ধৰি বিশিষ্ট ব্যক্তিসকল।