NORTHEAST NOW (Assamese)

হাৱাইপুৰত ৰেলৰ খুন্দাত আহত পঞ্চমটো হাতীৰ কাজিৰঙাত চিকিৎসাধীন অৱস্থাত মৃত্যু

February 12, 2018 6:24 pm · উত্তম শইকীয়া

হাৱাইপুৰত ৰেলৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা এটা হাতীৰ আজি বিয়লি কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসাধীন অৱস্থাতে মৃত হয়।

১০ ফেব্ৰুৱাৰিত গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী ১৫৬১১ এক্সপ্ৰেছ ৰেলখনে হাৱাইপুৰ ৰেলৱে ষ্টেচনৰ সমীপত পাঁচটাকৈ হাতী খুন্দিয়াইছিল, ইয়াৰে চাৰিটা হাতীৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ উপৰি এটা হাতী গুৰুতৰভাৱে আহত হয় ৷

ৰেলৰ খুন্দাত মুৰত আৰু শৰীৰৰ পিছ অংশত প্ৰচণ্ড আঘাত পোৱা উক্ত হাতীটোক পিছত পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল ৷

কেন্দ্ৰটোৰ পশু চিকিৎসক ডাঃ পানজিৎ বসুমতাৰী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসক ডাঃ দেবব্ৰত ফুকন আৰু স্থানীয় পশু চিকিৎস ডাঃ জিন্টু কাকতীয়ে হাতীটোক সুস্থ কৰিব তুলিবৰ বাবে পাৰ্যমানে চেষ্টা কৰিছিল যদিও গুৰুতৰভাৱে আহত হাতীটোৱে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে ৷

মন কৰিবলগীয়া যে উত্তৰ-পূৱ ৰেলৱেইৰ ৰেলৰ খুন্দাত যোৱা দুমাহতে ১৫ টাকৈ হাতী মৃত্যু মুখত পৰিছে ৷

শনিবাৰৰ ঘটনা সংঘটিত স্থানৰ ৰেলৱেৰ ১৬৬/ ৭ আৰু ১৬৬/ ৮ নম্বৰৰ খুঁটাৰ মাজৰ অংশক ২০১৬ চনতেই বনবিভাগে হাতীৰ কৰিডৰ হিচাপে ঘোষণা কৰিছিল। ইয়াৰ পিছতো হাৱাইপুৰৰ উক্ত অংশত ৰেলৰ খুন্দাত ৫ টাকৈ হাতী মৃত্যু হ’বলগীয়া হোৱাটো অতি দুখৰ খবৰ হিচাপে বিবেচিত হৈছে ৷

Related News