NORTHEAST NOW (Assamese)

হিন্দু কলেজৰ প্ৰাক্তন ছাত্ৰৰ সম্বৰ্থনা মুখ্য মন্ত্ৰী খান্দুকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিক

April 23, 2018 9:39 pm · প্ৰণব কুমাৰ দাস
অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ ফাইল ফটো

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খান্দুক হিন্দু কলেজৰ প্ৰাক্তন ছাত্ৰৰ  দ্বৰা  জনসেৱাৰ বাবে বিশিষ্ট এলুম্‌নি বঁটা প্ৰদান কৰা হয়। আইনৰ ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰেখা পল্লী, কেবিচি/কুইজ মাষ্টাৰ টিভি প্ৰযোজক সিদ্ধাৰ্থ বসুক মেডিয়াৰ বিশিষ্ট সেৱা, প্ৰধান মন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা অৰ্থনীতিবিদ ড০ অসীমা গোৱেলক অৰ্থনীতিৰ ক্ষেত্ৰত, চিকিৎসা ক্ষেত্ৰত হাড়ৰ শল্য চিকিৎসক শেখৰ অগ্ৰৱালক, এছবিআইৰ এমডি আৰু চিইঅ’ অৰিজিত বসুক কৰ্পোৰেট খণ্ডৰ উৎকৰ্ষতা, বিদেশ সেৱাৰ উৎকৰ্ষতাৰ বাবে ম্যানমাৰত নিয়োজিত ৰাষ্ট্ৰদূত বিক্ৰম মিসৰীক, বেনেট কোলমেনৰ কাৰ্যবাহী সঞ্চালক শ্ৰীজিত মিশ্ৰক কৰ্পোৰেট খণ্ডৰ উৎকৰ্ষতাৰ, ভাস্কৰ শীলা চামাৰিয়াক চাৰু শিল্পত উৎকৰ্ষতাৰ বাবে, সাহিত্যত উৎকৰ্ষতাৰ বাবে বিশিষ্ট কবি সুদীপ সেনক, কৰ্পোৰেট খণ্ডত উৎকৰ্ষতাৰ বাবে ফৰ্মুলা গ্ৰুপৰ প্ৰতিষ্ঠাপক এম ডি ৰমন নেৰুলাক চিনেমাত উৎকৰ্ষতাৰ বাবে চিত্ৰনাট্যকাৰ ৰিতেশ ছাহক, শিক্ষাৰ ক্ষেত্ৰত উৎকৰ্ষতাৰ বাবে অধ্যাপক হৰ্ষ নাভেলক চিটি হোটেলৰ এটা জাকজমকীয়া অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়।

এই অনুষ্ঠানতেই যুব প্ৰজন্মৰ বিশিষ্ট চেতাৰ বাদক ধ্ৰুব বেদীক সংগীতত উৎকৰ্ষতাৰ বাবে, দৃষ্টিহীন  অসামৰিক সেৱাৰ উৎকৰ্ষতাৰ বাবে, ব্যৱসায়িক গ্ৰন্থৰ বাবে মিলি ঐশ্বৰ্যক, প্ৰকাশনৰ ক্ষেত্ৰত পেংগুইন প্ৰকাশনক, ৰিপাব্লিক টিভিৰ জ্যেষ্ঠ সম্পাদক প্ৰতাশ সিঙক মেডিয়াৰ উৎকৰ্ষতাৰ বঁটা প্ৰদান কৰা হয়।

আয়োজকসকলে ভাৰতৰ নিৰ্বাচন আয়ুক্ত অশোক লাভাছা আৰু প্ৰফেছৰ এমিৰিটাছ অধ্যাপক এম কে জৈনক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।

Related News