হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ দাবীৰে মুখ্য মন্ত্ৰীক সাক্ষাৎ বৰাক উপত্যকা সমন্বয় কমিটিৰ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ নেতৃত্বত আজি বৰাক উপত্যকা সমন্বয় কমিটিয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁৰ কাৰ্য্যালয়ত সাক্ষাৎ কৰে আৰু এক চমু আলোচনাত ভাগ লয়। সাক্ষাৎ কালত কমিটিয়ে হিন্দু বাংলাদেশীসকলকে ধৰি নিৰ্য্যাতনৰ সন্মুখীন হৈ ভাৰতলৈ অহা বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলক নাগৰিকত্ব দিয়াৰ দাবীত মুখ্য মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে। এই আলোচনাৰ সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসো মুখ্য মন্ত্ৰীৰ সৈতে উপস্থিত আছিল বুলি জনা গৈছে। মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত nenow.in ৰ সৈতে হোৱা মুখামুখিত প্ৰাক্তন মন্ত্ৰীজনে কয়, ‘আমি এন আৰ চি হোৱাটো বিচাৰো, বিজেপিয়ে এন আৰ চিক ভাল পায়। কিন্তু এই প্ৰক্ৰিয়াত কোনো ভাৰতীয় নাগৰিকৰ অসুবিধা হ’ব নালাগে।’ তেওঁ লগতে কয় যে বাংলাদেশৰ পৰা ভাৰতলৈ নিৰ্যাতনৰ সন্মুখীন হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্য্যন্ত অহা হিন্দু বাঙালী, শিখ, জৈন, খ্ৰীষ্টান, পাৰ্চী আদি সকলোকে ভাৰতীয় নাগৰিকত্ব দিব লাগে।

এই প্ৰসংগত তেওঁ নাগৰিকত্ব বিলৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে বিজেপিয়ে এই স্থিতিৰ সপক্ষে বহু দিনৰ পৰা যুঁজ চলাই আহিছে। এই লোকসকলৰো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিব লাগে আৰু তেওঁলোককো ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰিব লাগে বুলি তেওঁ দাবী কৰে। আনহাতে অসমৰ বিভিন্ন দল-সংগঠনে হিন্দু-বাংলাদেশীৰ সংস্থাপনৰ ক্ষেত্ৰত বিৰোধিতা কৰি অহাৰ পৰিপ্ৰেক্ষিতত  ১৯৭১ চনৰ পিছত অহা হিন্দু বঙালী সকলক সংস্থাপন দিবলৈ অসম চৰকাৰ তথা ৰাজ্যিক বিজেপিক স্মাৰকপত্ৰ প্ৰদান কৰাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আনহাতে অহা ২২ ডিচেম্বৰত বৰাক উপত্যকা বিজেপিৰ সমন্বয় কমিটিয়ে দিল্লীত কেন্দ্ৰীয় পৰ্যায়ৰ বিষয়াসকলৰ সৈতে হিন্দু শৰণাৰ্থী সকলৰ সংস্থাপন প্ৰদানৰ বিষয়ত আলোচনাত মিলিত হ’ব বুলি nenow.in ক জনায়। উল্লেখযোগ্য যে সমন্বয় কমিটিয়ে আজিৰ স্মাৰকপত্ৰৰ সৈতে নাগৰিকত্ব বিধেয়কখনো গাঁঠি দিয়া বুলি জনায়।