হিন্দু-বাংলাদেশী সংস্থাপন সন্দৰ্ভত অগপৰ লগত মতবিৰোধ বিজেপিৰ

agp

প্ৰতিনিধিত্বমূলক চিত্ৰ

হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ বিষয়টোক লৈ অগপ আৰু বিজেপিৰ সংঘাত তুংগত উঠিছে। যাৰ পৰিপেক্ষিতত চৰকাৰৰ সহযোগী দল অগপই বাৰে বাৰে মিত্ৰতা ভংগৰ হুংকাৰ দি আছে। অসম গণ পৰিষদ দলে কোনো পধ্যেই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ মানি নলয় আৰু বিজেপিক এই বিষয়ে স্থিতি স্পষ্ট কৰি ৰাইজৰ আগত দাঙি ধৰিবলৈ দাবী জনায়।

বিগত কিছু দিনৰ পৰা বিধেয়ক খনৰ বাবে অগপ আৰু বিজেপিৰ মাজত তীব্ৰ বাকযুদ্ধই ৰাজ্যৰ ৰাজনীতিত কিছু পৰিমাণে প্ৰভাব পৰা পৰিলক্ষিত হৈছে। অগপই জনোৱা অনুসৰি, যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেন্তে তাৎক্ষণিক ভাবে চৰকাৰৰ লগত মিত্ৰতা ভংগ কৰিম।

অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক কমলা কলিতাই কয়, ‘অসমৰ স্বাৰ্থৰক্ষা তথা কেন্দ্ৰীয় নেতৃত্বৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইহে আমি বিজেপিৰ লগত মিত্ৰতা কৰিছিলো’। লগতে বিজেপি বিধায়ক প্ৰশান্ত ফুকনকো উভটি ধৰি কয় যে ৰাজ্যসভাত কংগ্ৰেছক ভোট দিয়া প্ৰশান্ত ফুকনৰ কথাত অগপ দল নচলে।

আনহাতে দলৰ জেষ্ঠ নেতা তথা কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাই হিন্দু নাগৰিক সংস্থাপনৰ বিষয়ে অসমৰ ৰাইজৰ আগত বিজেপি দলৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী তোলে। তেওঁ লগতে কয় যদিহে বিজেপিয়ে হিন্দু নাগৰিকক অসমত সংস্থাপন কৰাৰ বাবে সহযোগিতা কৰে তেতিয়া অগপ দলে মিত্ৰতা ভংগ কৰিবলৈ সংকোচ নকৰে। যিয়েই নহওক হিন্দু-বাংলাদেশী সংস্থাপনৰ বিষয়টোক লৈ অগপ-বিজেপিৰ মাজৰ মিত্ৰতাত এতিয়া ফাট মেলা আৰম্ভ হৈছে।