NORTHEAST NOW (Assamese)

‘হিন্দু-মুছলমান ভাই ভাই, বাংলাদেশীৰ ঠাই নাই’ : আছুৰ আহ্বানত ১০ হাজাৰ লোকে কঁপালে নামৰূপ

May 29, 2018 8:05 pm · অক্ষয় প্ৰণৱ কলিতা

বিজেপি চৰকাৰে ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব দিয়াৰ বাবে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ৰ বিৰুদ্ধে ‘হিন্দু-মুছলমান ভাই ভাই, বাংলাদেশীৰ ঠাই নাই’, ‘তেজ দিম, মাটি নিদিওঁ’ শ্ল’গানত কঁপি উঠিল নামৰূপৰ গান্ধী ময়দান।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৪০টা সংগঠনে আজি ২৯ মে’ত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে নামৰূপত সাব্যস্ত কৰে বিশাল প্ৰতিবাদ।

‘কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে অসমলৈ ১ কোটি ৮০ লাখ বিদেশী অসমলৈ আনি নাগৰিকত্ব দিব খুজিছে,’ ক’লে আছুৰ সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে।

প্ৰতিবাদটোত তাই আহোম ছাত্ৰ সন্থা, অগপ দলৰ বিভিন্ন সংগঠন, নামৰূপৰ বিভিন্ন শ্ৰমিক সংগঠন, মহিলা সংগঠন, মছজিদ সমিতি আদিয়ে অংশ গ্ৰহণ কৰে।

Related News