হিমা দাসৰ ধিঙৰ কান্ধুলিমাৰীস্থিত ঘৰত পাঞ্জাৱৰ মিলখা সিঙৰ বংশধৰ

ফিনলেণ্ডত অনুষ্ঠিত ২০ অনূৰ্ধ্বৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা, দৌৰবিদ হিমা দাসৰ বাসগৃহত এতিয়াও আগমন ঘটি আছে দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ।

উল্লেখযোগ্য যে হিমাৰ অভূতপূৰ্ব সাফল্যৰ পিছতে আজি হিমাৰ নগাঁও ধিঙৰ ৩ নং কান্ধুলিমাৰীস্থিত বাসগৃহত সুদূৰ পাঞ্জাৱৰ পৰা আহি উপস্থিত হ’লহি পাঞ্জাৱ পুলিচৰ কামাণ্ডেন্ট বলৱিন্দৰ সিং (PPS), অাৰক্ষী অধীক্ষক ৰনবীৰ সিং(PPS)সহ উচ্চ প্ৰদস্থ অাৰক্ষী বিষয়াৰ এটা দল।

হিমা দাসৰ ঘৰত উপস্থিত হৈয়ে পাঞ্জাৱৰ আৰক্ষীৰ দলটোৱে গাঁওখনৰ লগতে গৌৰৱাম্বিত পিতৃ-মাতৃক অসমীয়াৰ স্বাভিমান গামোচাৰে অভিনন্দন জনায়।

লগতে দৌৰবিদ হিমা দাসৰ ভৱিষ্যৎ উজ্জ্বল কামনা কৰিলে সুদূৰ পাঞ্জাৱৰ উৰন্ত সিং মিলখা সিঙৰ বংশধৰ সকলে।