NORTHEAST NOW (Assamese)

হেমচন্দ্ৰ বৰুৱাই ভাঙিব খুজিছিল এলান্ধুক’লীয়া সমাজ : সাহিত্য সভাৰ ‘ভাষাৰ ওজা’ স্মৃতি দিৱসত পৰমানন্দ মজুমদাৰ

May 1, 2018 9:04 pm · এন ই নাও নিউজ

‘হেমচন্দ্ৰ বৰুৱা দুখন যুঁজৰ সৈনিক আছিল। এখন হৈছে ভাষাৰ যুঁজ আৰু আনখন হৈছে কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ। দুয়োখন যুঁজ তেওঁ সমানেই চলাবলগীয়া হৈছিল’ অসম সাহিত্য সভা ( Asom Sahitya Sabha )ই আজি ১ মে’ত গুৱাহাটীত আয়োজন কৰা ‘ভাষাৰ ওজা’ৰ স্মৃতি দিৱসত এইদৰে মন্তব্য কৰে লেখক-গৱেষক অধ্যাপক ড০ পৰমানন্দ মজুমদাৰে।

কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে বৰুৱাই জীৱনজুৰি চলোৱা যুঁজক সুঁৱৰি মজুমদাৰে লগতে কয় যে ‘এলান্ধুক’লীয়া সমাজখন ভাঙি পেলাবলৈ হেমচন্দ্ৰ বৰুৱা সদায়েই যত্মপৰ হৈছিল।’’

এলান্ধুক’লীয়া সমাজখনৰ সংস্কাৰৰ বাবে অহোপুৰুষাৰ্থ কৰা হেমচন্দ্ৰ বৰুৱাৰ আদৰ্শ আৰু কৰ্মৰাজি নৱ ›প্ৰজন্মই গ্ৰহণ কৰা উচিত বুলিও মজুমদাৰে মন্তব্য কৰে।

ভাষাতত্ত্ববিদ টাবুৰাম টাইদ আৰু ›ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, ড০ বিৰিঞ্চি কুমাৰ মেধি, ড০ উমাকা™ন্ত শৰ্মা,  ড০ লীলাৱতী শইকীয়া বৰা, ফণীন্দ্ৰনাৰায়ণ দত্ত বৰুৱা, ড০ দিলীপ কলিতা, ড০ উপেন ৰাভা হাকাচাম আৰু ড০ দীপ্তি ফুকন পাটগিৰিক অনুষ্ঠানটোত বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অসম সাহিত্য সভাৰ আহ্বানত কামৰূপ মহানগৰ জিলা সাহিত্য সভাই গুৱাহাটীৰ ভগৱতী ›প্ৰসাদ বৰুৱা ভৱন আয়োজন কৰা সভাখনত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱী, উপ-সভাপতি বিষুž ডেকা, সম্পাদক দুৰ্গেশ্বৰ পাঠক, সাহিত্যিক ড০ পৰাগ কুমাৰ ভট্টাচাৰ্য্য, সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অৱনীমোহন চহৰীয়া, সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মা, হেমচন্দ্ৰ বৰুৱা স্মৃতি দিৱস উদযাপন সমিতিৰ আহ্বায়ক দেৱজিৎ বৰা, প্ৰকাশন আহ্বায়ক মাণিক আহমেদ, মুখপাত্ৰ পংকজ কুমাৰ দত্ত, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য কন্দৰ্প কুমাৰ শৰ্মা, ডিম্বেশ্বৰ পাঠক, হৰেশ্বৰ ডেকা, হীৰালাল বৰাকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে।

আনহাতে স্মৃতি দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা অসমীয়া ভাষাৰ শ্ৰুতলিপি ›প্ৰতিযোগিতাৰ বিজয়ী (ক শাখা)ৰ সাক্ষী প্ৰিয়ম্বদা, প্ৰকাকাশ নাথ আৰু ভূমিকা দাস আৰু (খ শাখা)ৰ জুহিতা কলিতা, চালমা চুলতান, আব্দুল হাদী আলম আৰু চিত্ৰাংকণ প্ৰতিযোগিতাত (ক শাখা)ৰ বংকিম পাঠক, হিমাংশু ৰয়, অনুৰাগ সিংহ আৰু (খ শাখা)ত জিণ্টী বৰ্মন, জেছমীন চিদ্দিকা আফচানা বেগমক বঁটা ›প্ৰদান কৰা হয়।

Related News