NORTHEAST NOW (Assamese)

হোজাইত ভূমি বিবাদত উত্তেজিত খুৰায়েকে নৃশংসভাৱে হত্যা কৰিলে ৫ বছৰীয়া ভতিজাকক

April 30, 2018 6:09 pm · এন ই নাও নিউজ
Updated: April 30, 2018 6:13 pm

ভূমি বিবাদক কেন্দ্ৰ কৰি আজি হোজাইত সংঘটিত দুই ফৈদৰ মাজৰ সংঘৰ্ষই হোজাইৰ লগতে সমগ্ৰ ৰাজ্য জোকাৰি যায়।

উল্লেখযোগ্য যে হোজাই জিলাৰ দাৰীয়া বস্তিত নিজ খুড়াকে ভূমি বিবাদৰ বাবে ৫ বছৰীয়া ভতিজাকক নৃশংসভাৱে কোৰেৰে ঘপিয়াই হত্যা কৰে।

প্ৰাপ্ত তথ্য মতে বেদীলাল চৌহান নামৰ ব্যক্তিজনে ককায়েক ভৰতলাল চৌহানৰ সৈতে আজি এক ভূমি বিবাদত লিপ্ত হয়। বেদীলাল চৌহানে ভৰতলাল চৌহানক মাটি বিক্ৰীৰ দলিলত চহী কৰাৰ বাবে কৈছিল, কিন্তু ভৰতলালে উক্ত দলিলত চহী কৰাৰ বাবে মান্তি হোৱ নাছিল।

ফলত বেদীলাল চৌহানে ভৰতলাল পুত্ৰ তথা নিজৰে ভতিজাকক শোৱা পাটীৰ পৰা উঠাই আনি কোৰেৰে ঘপিয়াই হত্যা কৰে। ঘটনা সংঘটিত কৰিয়ে অভিযুক্ত বেদীলাল চৌহান ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ঘটনা সম্পৰ্কত আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে।

শেহতীয়াকৈ জানিব পৰা অনুসৰি আৰক্ষীয় শিশু হত্যাকাৰী অভিযুক্ত বেদীলাল চৌহানক ইতিমধ্যে আটক কৰিছে।

Related News