• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শক্তি প্ৰদৰ্শন: শীৰ্ষ নেতাৰ যোগদান

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
May 4, 2018 9:56 am
Assam students need not know about RSS and it's role in nation building?

আৰ এছ এছ স্বয়ংসেৱকৰ ফাইল ছবি।

135
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমগ্ৰ ৰাজ্যৰ কৰ্মীসকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে প্ৰতিবছৰে হোজাইৰ গীতা আশ্ৰম চৌহদত আয়োজন কৰি আহিছে প্ৰশিক্ষণ শিবিৰ। ঠিক সেইদৰে এই বছৰো যোৱা ২৩ এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈছে উক্ত প্ৰশিক্ষণ শিবিৰ।

অহা ১৩ মে’ত অন্ত পৰিব লগীয়া প্ৰশিক্ষণ শিবিৰটো ভাগ কৰা হৈছে দুটা ভাগত। প্ৰথম শাখাত উত্তৰ অসম প্ৰান্তৰ মুঠ ১৭৬ গৰাকী আৰ এছ এছ সদস্যই অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। আনহাতে দ্বিতীয় শাখাত অংশ ল’ব ১৫৪ গৰাকী প্ৰশিক্ষাৰ্থীয়ে।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ লগত হোৱা এক্সক্লুচিভ কথা বতৰাত হোজাই জিলা প্ৰমুখ যাদৱ ভাণ্ডাৰীয়ে কয়, ‘২০ দিনলৈ ধাৰাবাহিকভাৱে এই প্ৰশিক্ষণ শিবিৰ চলি থাকিব। এই শিবিৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰশিক্ষাৰ্থীসকলক শাৰিৰীক ব্যায়াম, সামাজিক দায়বদ্ধতা, ঐতিহাসিক জ্ঞান, স্বাধীনতা সংগ্ৰামী লোকসকলৰ বিষয়ে তথা বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব’।

অখিল ভাৰতীয় শাৰিৰীক শিক্ষণ প্ৰমুখ সুনীল কুলকাৰ্নি আৰু অখিল ভাৰতীয় বৌদ্ধিক প্ৰমুখ স্বান্ত ৰঞ্জনে ইতিমধ্যে শিবিৰলৈ আহি প্ৰশিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ বৌদ্ধিক চিন্তাধাৰা প্ৰশিক্ষাৰ্থীসকলৰ আগত বিলাই দিয়া বুলি জনায় যাদৱ ভাণ্ডাৰীয়ে।

ইয়াৰ উপৰি তেওঁ জানিবলৈ দিয়ে যে আৰ এছ এছৰ বহুতো শীৰ্ষ পৰ্যায়ৰ বিষয়া পৰৱৰ্তী সময়ত প্ৰশিক্ষণ শিবিৰলৈ অহাৰ লগতে ১৩ মে’ৰ বিয়লি ৩.৩০ বজাত এই শিবিৰৰ অন্ত পৰিব।

RSS-1-300x89

উল্লেখ্য যে  বৃহস্পতিবাৰে প্ৰশিক্ষণ শিবিৰৰ প্ৰথম শাখাৰ প্ৰশিক্ষাৰ্থীসকলে হোজাই নিউ মাৰ্কেটত এক সমদল উলিয়াই আৰ এছ এছৰ শক্তি প্ৰদৰ্শন কৰা হয়। আৰু অহা ৮ মে’ত দ্বিতীয় শাখাৰ প্ৰশিক্ষাৰ্থীসকলে চহৰখনত দ্বিতীয়টো সমদল উলিয়াব বুলি জানিব পৰা গৈছে।

হোজাই জিলা প্ৰমুখগৰাকীয়ে লগতে কয় যে এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ হোৱাৰ পূৰ্বে ড০ ডি চি দাসক সভাপতি আৰু যাদৱ ভাণ্ডাৰীক সম্পাদক হিচাপে লৈ এখন আদৰণী সমিতিও গঠন কৰা হয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd