• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2025 9:30 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ অসমতে চৰকাৰে চলাই থকা উচ্ছেদ অভিযানৰ বিষয়টোত চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি, এয়া অসমৰ মাটি বৃহৎ পুঁজিপতি গোষ্ঠীৰ বাবে উন্মুক্ত কৰাৰ এক অংশ বুলি অভিহিত কৰিছে। কালি আদানিৰ তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ১৩০০ পৰিয়াল আৰু ১২ হাজাৰ মানুহক ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰত কৰা এই সৰ্ববৃহৎ উচ্ছেদ অভিযানক দলটোৱে নিন্দা কৰিছে আৰু বিকল্প অবিহনে চলাই থকা এই উচ্ছেদ বন্ধ কৰাৰ দাবী জনাইছে। এনে অমানৱীয় উচ্ছেদ অভিযানত আৰক্ষী প্ৰশাসনে কৰা বৰ্বৰ লাঠিচালনাক চিপিআই(এম)-এ কঠোৰ ভাষাৰে ধিক্কাৰ দিছে।

বিজেপি চৰকাৰে অসমৰ প্ৰতিটো ঘৰ আৰু মাটি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া উচ্ছেদ অভিযানৰ মাজেৰে ঘৰ আৰু মাটিৰ পৰা হাজাৰ হাজাৰ মানুহক বিতাৰিত কৰিছে। আমাৰ স্পষ্ট মত বিকল্প সংস্থাপন অবিহনে উচ্ছেদ চলালে কোনো সমস্যাৰ সমাধান নহয়, নতুন সমস্যাৰহে সৃষ্টি কৰিব। দৰিদ্ৰ উচ্ছেদিত পৰিয়ালে কেৱল ঘৰ বা মাটি হেৰুৱা নাই, বৰঞ্চ তেওঁলোকৰ জীৱিকাও এইখন চৰকাৰে ধ্বংস কৰিছে। এতিয়া ধুবুৰীৰ উচ্ছেদিত পৰিয়ালক ব্ৰহ্মপুত্ৰৰ যি নতুন চৰলৈ যাবলৈ দিয়া হৈছে, তাৰ ফলত তেওঁলোকৰ জীৱিকালৈও প্ৰত্যাহ্বান আহিব। চৰকাৰৰ এনে নীতিয়ে শ্ৰমজীৱী লোকসকলৰ বাবে ভয়ংকৰ দিন মাতি অনাৰ লগতে অসমৰ অৰ্থনীতিকো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব।

Apply Now

চৰকাৰে উচ্ছেদৰ ৰাজনীতিৰ মাজেৰে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ পথো প্ৰস্তুত কৰিছে। অসমৰ চৰকাৰী মাটিত কেৱল “মিঞা” মানুহ আছে আৰু তেওঁলোকক বেদখল কৰাৰ মাজেৰে অসমৰ “খিলঞ্জীয়া”ৰ স্বাৰ্থত চৰকাৰে উচ্ছেদ কৰিছে বুলি এটা বাগধাৰা চলাবলৈ চেষ্টা কৰিছে। মন কৰিব লগীয়া যে অসমৰ চৰকাৰী মাটিত অসমৰ – “খিলঞ্জীয়া”, “মিঞা” সকলো সম্প্ৰদায়ৰ লোক বসবাস কৰি আছে। আৰু এই সকলো লোক দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা। চৰকাৰী মাটিৰ কথা কৈ চৰকাৰে উচ্ছেদক ন্যায্যতা প্ৰদান কৰিছে কিন্তু চৰকাৰে অসমৰ ভূমিহীন মানুহক মাটিৰ পট্টা দিয়াৰ বাবে নীতি গ্ৰহণ কৰা নাই। চিপিআই(এম)ৰ স্পষ্ট মত যে, চৰকাৰে উচ্ছেদ নহয়, মাটিৰ জৰীপ কৰি ভূমিহীন মানুহক মাটিৰ অধিকাৰ প্ৰদান কৰা উচিত।

চৰকাৰে এফালে বৃহৎ উন্নয়নৰ নাম লৈ আৰু আনফালে “খিলঞ্জীয়া”ৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিভাজনৰ ৰাজনীতিৰ মাজেৰে এনেবোৰ উচ্ছেদৰ পক্ষত জনমত সৃষ্টি কৰাৰ বাবে চেষ্টা চলাইছে। আচলতে চৰকাৰে বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থতহে এনে উচ্ছেদ অভিযান গ্ৰহণ কৰিছে। বিগত ৬০টা বছৰে নোহোৱা ৰাজ্যজুৰি ভূমি জৰীপ সম্পন্ন‌ কৰি আৰু যোগ্য পৰিয়ালবোৰক মাটিৰ অধিকাৰ প্ৰদান কৰিহে চৰকাৰে ভূমি অধিগ্ৰহণ সম্পৰ্কে যুক্তিসংগত নীতি গ্ৰহণ কৰা উচিত। এনে উচ্ছেদ অভিযানৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে বাওঁ দলটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd