NORTHEAST NOW (Assamese)

হোজাইৰ ডবকাত পুখুৰীত পৰি দুই যমজ শিশুৰ সলিল সমাধি

June 20, 2018 7:46 pm · নিখিল মুন্দ্ৰা

হোজাই জিলাৰ ডবকাৰ অন্তৰ্গত পশ্চিম জাৰুনিত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত আজি দুটি কন্যা শিশুৰ পুখুৰীত পৰি সলিল সমাধি ঘটে।

নিহত শিশু দুটিক ডবকাৰ দক্ষিণ চাংমাজিৰ বাসীন্দা ছাইদুৰ ৰহমানৰ যমজ কন্যা ছাদিয়া চুলতানা (৬) আৰু নাগ্ৰিছ চুলতানা (৬) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, তেওঁলোকৰ মাকৰ সৈতে ডবকাৰ জাৰুনিত থকা ককাকৰ ঘৰত ফুৰিবলৈ যোৱা শিশু দুটিয়ে আজি দিনৰ প্ৰায় ১২ বজাত খেলি থকা অৱস্থাত হঠাৎ ওচৰতে থকা পুখুৰীটোত পিছলি পৰে।

পিছত দুয়োগৰাকীকে উদ্ধাৰ কৰি ডবকা সামুহিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হৈছিল যদিও চিকিৎসকে তেওঁলোকক ইতিমধ্যে মৃত বুলি ঘোষণা কৰে।

ঘটনাৰ খবৰ লাভ কৰিয়েই ডবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহ দুটাক নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আজিৰ উক্ত দুৰ্ভাগ্যজনক ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে গভিৰ শোকৰ ছাঁ পেলাইছে।

Related News