NORTHEAST NOW (Assamese)

হোজাইৰ ডিমাৰুপাৰত গছৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু

April 29, 2018 5:04 pm · নিখিল মুন্দ্ৰা

হোজাই জিলাৰ মুৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত নিলবাগানৰ সমীপৰ ডিমাৰুপাৰত আজি গছৰ পৰা পৰি এজন শ্ৰমিকে প্ৰাণ হেৰুৱাই।

প্ৰাপ্ত তথ্য মতে আজি দিনৰ ১২ বজাত ডিমাৰুপাৰ মহজিবুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত গছ কাটি থকাৰ পৰা পৰি চিৰাজ উদ্দিন (৫৫) নামৰ ব্যক্তি গৰাকী গুৰুতৰ ভাৱে আহত হৈছিল।

লোকজনক ততাতৈয়াকৈ হোজাইৰ নিলবাগান মহাত্মা গান্ধী ম’ডেল হাস্পাতলত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

পিছত মুৰাঝাৰ আৰক্ষীয়ে তেওঁৰ মৃতদেহটো নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আনহাতে গছ কটা ঘৰৰ গৰাকী মহজিবুৰ ৰহমানে জনোৱা মতে ৩ দিন পূৰ্বে তেওঁ চিৰাজ উদ্দিনক তেওঁৰ বাৰীৰ কেইজোপামান গছ কাটিবলৈ মাতিছিল যাৰ ফলত আজি লোকজনে গছ কাটি থকাৰ অৱস্থাত উক্ত দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ’ল।

আৰ্থিক অনাটনৰ বাবে দিন হাজিৰা কৰি বহু কষ্টেৰে পৰিয়ালৰ কাৰণে দুবেলা দুমুঠি যোগাৰ কৰি অহা চিৰাজ উদ্দিনৰ আকস্মিক মৃত্যুৰ খবৰ শুনি তেওঁ পৰিয়ালটো দুখত ভাগি পৰিছে।

Related News