হোজাইৰ বনবিভাগৰ অভিযানত জব্দ হৈছে বহুকেইখন বালিভৰ্তি ট্ৰাক নাওঁ আৰু টাটা ডি আই বাহন

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাকতিক সম্পদৰ ধ্বংশ যজ্ঞ চলি থকাৰ সময়তে হোজাইৰ বন বিভাগে অভিযান চলাই হোজাই জিলাৰ নীলবাগান সংযোগী পথৰ পৰা যোৱা চাৰি দিনৰ ভিতৰত ১০ খনকৈ বালি ভৰ্তি কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। ডবকাৰ দেৱস্থানৰ ১নং মহলৰ অধিনৰ নগাঁৱৰ আমিন পট্টিৰ আহমেদ মাজুমদাৰ নামৰ লোকজনে বালিৰ প্ৰকৃত মহলদাৰক আওকাণ কৰি অবৈধভাবে বালিৰ ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে বালিৰ প্ৰকৃত মহলদাৰজনে।

বিগত চাৰিদিনৰ ভিতৰত হোজাই বন বিভাগে বালি কঢ়িওৱা নাঁও আৰু ১০ খনকৈ বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে এছ-০১-ইচি-৮৭১৪আৰু এছ-০১-বিচি-০৮২০, এছ-০৯-৯৪৪৫, এছ-০৯-এচি-২৯৯৪, এছ-০৯-এচি-১১০৪, এছ-০৯- এচি-৮০৯৩ আৰু এএছএন-৭৭০৭ । উল্লেখনীয় যে ট্ৰাক কেইখনএ হোজাই জিলাৰ যমুনা নৈৰ পাৰৰ  দেৱস্থান-চিতলমাৰি আদি অঞ্চলৰ পৰা কোনোধৰণৰ চালান নোহোৱাকৈ অবৈধভাবে বালি কঢ়িয়াই আহিছিল। সুত্ৰমতে বৰ্তমান ট্ৰাক কেইখন আৰু দুখন টাটা মোবাইল  হোজাইৰ ডি এফ অ’ৰ কাৰ্য্যলয়ত জব্দ হৈ আছে।

আনহাতে প্ৰকৃত বালিৰ মহলদাৰে চৰকাৰক ৰাজহ দিয়াৰ পিছতো অবৈধ ব্যৱসায়ীসকলে চালনা কৰিছিল। সেয়েহে বালিৰ মহলদাৰজন এক প্ৰকাৰ বিপাঙত পৰাত বন বিভাগৰ উচ্চ পদস্ত বিষয়াক অভিযোগ দাখিল কৰি অবৈধ ব্যৱসায়ীসকলক তেওঁলোকৰ ব্যৱসায় ৰোধ কৰাৰ বাবে দাবী জনায়৷