NORTHEAST NOW (Assamese)

হোজাইৰ মোৰাঝাৰত বেংকৰ অতিৰিক্ত শাখা আৰু এটিএম স্থাপনৰ দাবীত স্মাৰকপত্ৰ প্ৰদান

April 20, 2018 10:25 pm · এন ই নাও নিউজ

হোজাই জিলাৰ বৃহত্তৰ মোৰাঝাৰ অঞ্চলত জনসংখ্যা অনুযায়ী বেংক ব্যৱস্থা নথকাৰ বাবে স্থানীয় ৰাইজে ধনৰ লেনদেনৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়। ফলত মোৰাঝাৰ অঞ্চলৰ কেইবাগৰাকী সাংবাদিকে শুকুৰবাৰে মোৰাঝাৰত বেংকৰ অতিৰিক্ত শাখা আৰু এটিএম স্থাপন দাবী জনায় স্মাৰক পত্ৰ প্ৰদান কৰে৷

উল্লেখযোগ্য যে বেংকৰ শাখা আৰু এটিএমৰ পৰ্যাপ্ত ব্যৱস্থা নথকাৰ বাবে স্থানীয় ৰাইজে সময়ে সময়ে বেংকৰ শাখা আৰু এটিএম স্থাপনৰ বাবে দাবী জনাই আহিছে৷ কিন্তু চৰকাৰ তথা বেংক কৰ্তৃপক্ষই এই ক্ষেত্ৰত আজিলৈকে কোনো গৰুত্ব প্ৰদান নকৰিলে।

ফলত আজি পুনৰ সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ছাদিকুজ জামান, মোৰাঝাৰৰ স্থানীয় সাংবাদিক শ্বাহনেৱাজ মঞ্জুৰ হুছেইন, আজুৰ হোজাই জিলা সমিতিৰ সাংগঠনিক সম্পাদক হিফজুৰ ৰহমানৰ নেতৃত্বত মোৰাঝাৰ বজাৰত অতিৰিক্ত এটিএম স্থাপনৰ দাবীত মোৰাঝাৰ শাখা পৰিচালকক স্মাৰক পত্ৰ প্ৰদান কৰে৷

আনহাতে বেংকৰ শাখাটোৰ পৰিচালক দেৱজিৎ তালুকদাৰে গ্ৰাহকৰ স্বাৰ্থত এটিএম স্থাপনৰ বাবে কৰ্তৃপক্ষক জনাব বুলি আশ্বাস প্ৰদান কৰে। লগতে সংগঠনকেইটাই বেংকৰ শাখা স্থাপন কৰাৰ দাবীতো ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গুৱাহাটীলৈ কাৰ্যালয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

Related News