হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি পদত পুনৰ অধিষ্ঠিত হ’ল জামাল আহমেদ

IMG-20180430-WA0039

হোজাই জিলাৰ লংকাস্থিত লংকা উচ্চ মাধ্যমিক বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন দেওবাৰে সামৰণি পৰে।

এই দুদিনীয়া অধিৱেশনৰ সময়তে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ৬১ জনীয়া পূৰ্ণাঙ্গ সমিতিখন গঠন কৰা হয়।  এই অধিৱেশনতে সভাপতি পদত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হ’ল জামাল আহমেদ।

আনহাতে পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে প্ৰণৱ চৌধুৰী। অহা দুবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিবলগীয়া এই সমিতিখনে মাখন চন্দ্ৰ বিশ্বাস আৰু অনুপ কুমাৰ বৰঠাকুৰক উপদেষ্টা হিচাপে দায়িত্ব দিয়ে।

নতুন সমতিখনে দায়িত্ব গ্ৰহণ কৰিয়ে সমিতিৰ সভাপতি জামাল আহমেদে কয়, ‘কৰ্মচাৰী পৰিষদখনৰ কল্যাণৰ হকে কাম কৰিবৰ বাবে দ্বিতীয়বাৰলৈ সুবিধা প্ৰদান কৰাৰ বাবে মোক সহায় সহযোগিতা আগবঢ়োৱা সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো’।

ইফালে এই অধিৱেশনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতা, সম্পাদক ফকৰুদ্দিন আহমেদৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ কৰ্মচাৰী।