হোলীৰ নামত আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰাসকলক নাকী যান-বাহন আৰক্ষীৰ

হোলী

হোলীৰ আনন্দ উচ্ছাহৰ নামত আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰা সকলক নাকী লগালে মহানগৰ যান-বাহন আৰক্ষীয়ে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰেও হোলী উদযানৰ নামত একাংশ যুৱক-যুৱতীয়ে মহানগৰীৰ ৰাজপথত তাণ্ডৱ চলোৱা বুলি সংবাদ প্ৰকাশ পাইছিল। ফলত শুকুৰবাৰৰ দিনটোতো যাতে মহানগৰৰ ৰাজপথত হোলী উদযাপনৰ নামত মটৰচাইকেল আৰোহীয়ে কোনো তাণ্ডৱ চলাব নোৱাৰে তাৰ বাবে মহানগৰৰ যান-বাহন আৰক্ষী সষ্টম হৈ উঠে।

দিচপুৰ আৰক্ষী থানাৰ সন্মুখত মহানগৰ যান-বাহন আৰক্ষীয়ে আজিৰ হোলীৰ দিনটোতে হেলমেট পিন্ধি বাইক নচলোৱা তথা যান-বাহন আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে এক অভিযান চলায়। অভিযানটোত আৰক্ষীয়ে প্ৰায় ১০ খন মান বাইক জব্দ কৰিছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

অভিযানৰ কালচোৱাত সুৰাপান কৰি বাইক চলোৱা সকলৰ বিৰুদ্ধে যান-বাহন আৰক্ষীয়ে জৰিমনা বিহাৰ লগতে হেলমেট নিপিন্ধাকৈ বাইক চলোৱাসকলক ৩০০ টকা পৰ্যন্ত জৰিমনা বিহিলে যান-বাহন আৰক্ষীয়ে।

তদুপৰি হাস্যকৰভাবে কিছুসংখ্যকে আৰক্ষীৰ চকুত ধূলি দি পলোৱাৰ চেষ্টা কৰিছিল যদিও মহানগৰ যান-বাহন আৰক্ষীৰ শেন চকুৰ পৰা সাৰি নগ’ল সেইসকল। সেইসকলৰ প্ৰতিও যানবাহন আৰক্ষীয়ে জৰিমনা বিহা দেখিবলৈ পোৱা গ’ল।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে সুৰাপান কৰি দুচকীয়া বাহন চলোৱাসকলৰ বাইকসমূহ আজিৰ দিনটোৰ বাবে দিছপুৰ আৰক্ষী থানাত ৰাখিব।

আৰক্ষী সূত্ৰই নৰ্থ ইষ্ট নাওক হেলমেট নিপিন্ধাকৈ তথা যানবাহন আইন উলংঘা কৰা আৰু সুৰাপান কৰি বাহন চলোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনাৰ মাত্ৰা বৃদ্ধি পাইছে। ফলত তেওঁলোকে দুৰ্ঘটনাৰ মাত্ৰা ৰোধ কৰাৰ বাবে এই পদক্ষেপ হাতত লৈছে বুলি জানিবলৈ দিয়ে।