হৰি নামৰ ধ্বনিৰে গুঞ্জৰিত সমগ্ৰ পূব জামুগুৰি ; উলিওৱা হ’ল বৰ্ণিল ভাগৱত শোভাযাত্ৰা

ভাগৱত শোভাযাত্ৰা

”হৰি নাম ৰসে, বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী। শ্ৰীমন্ত শংকৰে, পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি” আদি গুৰু বন্দনা, নামৰ লহৰ, কীৰ্তন ভাগৱতৰ ছন্দ, খোল-তাল, নাগাৰা, দবা-কাঁহৰ ধ্বনি, জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি আৰু হৰি নামৰ সুললিত সুৰে শনিবাৰে নগাঁও জিলাৰ পূব জামুগুৰিৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

ঐতিহ্য মণ্ডিত পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক ভাগৱত পাঠ  আৰু মহানাম মহোৎসৱটি আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।

এই উপলক্ষে পুৱা উষা-কীৰ্তন, স্বচ্ছ অভিযানৰ অন্তত উলিওৱা হয় এক বৰ্ণিল ভাগৱত শোভাযাত্ৰা য’ত পূব জামুগুৰি অঞ্চলৰ শিশুৰ পৰা আবাল, বৃদ্ধ, বণিতালৈ সকলোৱে ভাগ লৈ হৰি নাম কীৰ্তনেৰে আত্মবিভোৰ হৈ পৰে।

আধুনিকতাৰ ধাম খুমীয়াত ব্যস্ত হৈ থকা যুৱচামক গুৰুজনাৰ অমিয়া কৃষ্টি-সংস্কৃতিৰ মাজলৈ টানি অনাৰ ইতিবাচক লক্ষ্যৰে উলিওৱা শোভাযাত্ৰাটিয়ে প্ৰায় ২ কিল’মিটাৰ অঞ্চল পৰিভ্ৰমণ কৰি হৰি নামৰ ধ্বনিৰে জীপাল কৰি তোলে।

ভাগৱত ভ্ৰমণৰ অন্তত ১ বজাৰ পৰা অবিৰত ভাগৱত পাঠ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অঁনাতাৰ শিল্পী গম্ভীৰ নাথ, সমাজকৰ্মী বীৰচিং নাথ, প্ৰফুল্ল নাথ, তিলেশ্বৰ নাথ, টংকেশ্বৰ নাথ আদিকে ধৰি সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।