নাগালেণ্ডৰ প্ৰখ্যাত হৰ্নবিল মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কোহিমাৰ নগা ঐতিহ্যপূৰ্ণ গাওঁ কিছামাত অহা শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া মহোৎসৱৰ বাবে সকলো আয়োজন অন্তিম পৰ্যায়ত উপনীত হৈছে। নাগালেণ্ডৰ এই বৰ্ণাঢ্য মহোৎসৱটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।
কিছামাত হৰ্নবিল মহোৎসৱৰ মুখ্য অনুষ্ঠানত প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ বাবে নাগালেণ্ডৰ কলা আৰু সাংস্কৃতিক বিভাগে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যখনৰ সকলো আৰু ৰাজ্যখনৰ বাহিৰৰ জনগোষ্ঠীৰ সাংস্কৃতিক দলে তেওঁলোকৰ বৰ্ণিল পৰম্পৰাগত সাজ-সজ্জাৰে নিজৰ নিজৰ নৃত্য গীতেৰে মুখৰিত কৰি তুলিব মহোৎসৱটি।
মহোৎসৱটিৰ মূল মণ্ডপৰ ভিতৰত অৱস্থিত দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰকৰ কাষতে থকা আৰ্টিষ্ট কৰ্নাৰত শিল্প কৰ্মৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ লগতে কলা প্ৰদৰ্শন তথা ছবি অংকন, চিত্ৰ প্ৰদৰ্শনী, চিত্ৰ প্ৰতিযোগিতা আদি চলি থাকিব।
আৰ্কাইভ কৰ্নাৰত ৰাজহুৱা আৰু ব্যক্তিগত সূত্ৰৰ পৰা পোৱা ঐতিহাসিক তথ্য, ঐতিহাসিক আৰু ভৌগলিক মানচিত্ৰৰ প্ৰদৰ্শনী আৰু বিভাগীয় প্ৰকাশনৰ বিক্ৰী আদি থাকিব য’ত ছাত্ৰ-ছাত্ৰী, পণ্ডিত তথা গৱেষকসকলে অধ্যয়নৰ সুবিধাও পাব।
দ্বিতীয় বিশ্ব যুদ্ধৰ যাদুঘৰটো নতুন প্ৰজন্মক ঐতিহাসিক ঘটনা, শিল্পকলাৰ গুৰুত্ব আদি সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্যে ৰাইজৰ বাবে মুকলি ৰখা হ’ব।
আনহাতে শেহতীয়া খবৰমতে আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ দুদিনীয়া কাৰ্য্যসূচী লৈ মিজোৰামৰ আইজলত উপস্থিত হয়। ৰাষ্ট্ৰপতি হিচাপে এয়াই হ’ল তেওঁৰ প্ৰথমটো মিজোৰাম ভ্ৰমণ। তেওঁ তাত কাইলৈ মিজোৰাম বিধান সভাত ভাষণ দিয়াৰ কথা। ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ৰ সূত্ৰই এই কথা কয়। তেওঁ তাৰ ৰাজভৱনত আয়োজিত হ’ব লগীয়া দুখীয়াৰ বাবে ঘৰ (Housing for the Poor Project) নামৰ এটা প্ৰকল্প মুকলি কৰাৰ কথা। মিজোৰামৰ পৰা ৰাষ্ট্ৰপতি নাগালেণ্ডত অনুষ্ঠিত হৰ্নবিল উৎসৱ উদ্বোধন কৰিবলৈ যাব।