য়ুকে’ ইণ্ডিয়া শৈক্ষিক গৱেষণা উদ্যোগৰ বাচনিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ প্ৰকল্প

Dibrugarh university logo

য়ুকে’ ইণ্ডিয়া শৈক্ষিক গৱেষণা উদ্যোগ (The UK India Education Research Initiative)ৰ ২০১৮ চনৰ গৱেষণা প্ৰকল্পৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনিজন অধ্যাপকে দাখিল কৰা এটা প্ৰকল্প নিৰ্বাচিত হৈছে।

সংস্থাটোৱে এই বছৰ অনুমোদন জনোৱা ১৮ টা প্ৰকল্পৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ পে’ট্ৰলিয়াম প্ৰযুক্তি বিভাগৰ অধ্যাপক সুব্ৰতা বি গগৈ, বাণিজ্য আৰু ব্যৱস্থাপনা বিভাগৰ ডীন অজন্তা বি ৰাজকোঁৱৰ আৰু জৈৱ প্ৰযুক্তি আৰু জীৱ তথ্য বিজ্ঞানৰ ডঃ দেৱজিত বৰাই দাখিল কৰা প্ৰকল্পটোৱেও ঠাই পাইছে।

গোটেই দেশৰ ১৩৮ টা প্ৰকল্পৰ মাজত এই প্ৰকল্পকেইটা বাচনিত উঠে। য়ুনিভাৰ্চিটি অৱ এদিনবাৰ্গ সহযোগী হিচাপে থকা এই প্ৰকল্পটোৰ অধীনত সংশ্লিষ্ট শিক্ষক আৰু গৱেষকসকলে এদিনবাৰ্গ আৰু ডিব্ৰুগড় দুয়োখন বিশ্ববিদ্যালয়তে কাম কৰিব।

ভাৰত আৰু য়ুকে’ৰ মাজত শৈক্ষিক সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে ২০০৬ চনৰ এপ্ৰিলত এই য়ুকে’ ইণ্ডিয়া শৈক্ষিক গৱেষণা উদ্যোগ আৰম্ভ কৰা হৈছিল। দুয়ো দেশৰ মাজত শৈক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াক এক প্ৰধান বহু অংশীদাৰিত্বমূলক কাৰ্য্যসূচী হিচাপে স্বীকৃতি দিয়া হৈছে।

য়ুকে’ ইণ্ডিয়া শৈক্ষিক গৱেষণা উদ্যোগক য়ুকে’ৰ বাণিজ্য, শক্তি আৰু ঔদ্যোগিক নীতি নিৰ্ধাৰণ, বৈদেশিক আৰু কমনৱেলথ কাৰ্য্যালয়, বৃটিশ্ব কাউন্সিল, স্কটিশ্ব চৰকাৰ, ৱে’লচ চৰকাৰ আৰু অৰ্থনীতি বিভাগে আৰু ভাৰতৰ মানৱ সম্পদ উন্নয়ন, বিজ্ঞান আৰু প্ৰযুক্তি, দক্ষতা বিকাশ আৰু উদ্যমিতা, বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে অৰ্থযোগান ধৰে|