য়ু এছ টি এমত ‘নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ- ২০১৮’ ৰ আয়োজন

অহা ১৬, ১৭ আৰু ১৮ ফেৱ্ৰুৱাৰি ২০১৮ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ই আৰ ডি ফাউণ্ডেইশ্যন ( ERDF)এ ‘নৰ্থ ইষ্ট গ্ৰেজুৱেইট কংগ্ৰেছ -২০১৮’, ফাউণ্ডেইশ্যনৰ নিজা বিশ্ববিদ্যালয় ‘ইউনিভাৰছিটি অব ছায়েন্স এণ্ড টেকন’লজি মেঘালয়া’ চমুকৈ USTM ৰ প্ৰাংগণত অনুষ্ঠিত কৰিব। ‘ইউনিভাৰছিটি অব ছায়েন্স এণ্ড টেকন’লজি মেঘালয়া (USTM) আৰু ৰিজঅ’নেল ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকন’লজি (RIST)‘ৰ উদ্যোগত হ’ব লগীয়া অনুষ্ঠানটোত উত্তৰ পূৰ্বাঞ্চলৰ ২০০খন মহাবিদ্যালয়ৰ ১০০০০ ছাত্ৰ–ছাত্ৰীক অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰা হ’ব বুলি USTMৰ ছাত্ৰ কল্যাণ তথা সমাজ বিজ্ঞানৰ অধ্যক্ষ ড০ অলকা শৰ্মাই সংবাদমেলত জানিবলৈ দিয়ে। তেওঁ জানিবলৈ দিয়া মতে ‘নৰ্থ ইষ্ট গ্ৰেজুৱেইট কংগ্ৰেছৰ উদ্যেশ্য হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ প্ৰতিভাৱান ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰি ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ  ছাত্ৰ-ছাত্ৰীৰ দৰে দক্ষতাপূৰ্ণ কৰি তোলা।  ছাত্ৰ-ছাত্ৰী সকল যাতে পৰৱৰ্তী সময়ত গ্ৰেজুৱেইট হৈ বৃত্তিমুখী পাঠ্যক্ৰম বাছনি কৰাত সুবিধা হয় সেই উদ্দেশ্যে আগত ৰাখি যোৱা পাঁচ বছৰত এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছে ই আৰ ডি ফাউন্ডেছনে। USTM ৰ মানৱ সম্পদ বিভাগৰ মেহজাবিন ছিদ্দিকে জানিবলৈ দিয়া মতে বিগত বছৰৰ দৰে এইবাৰো তিনিদিনীয়া কাৰ্য্যসূচীত কুইজ, তৰ্ক, ম’বাইল স্থিৰচিত্ৰ, ফুটবল, ভলীবল, বেডমিণ্টন, বাস্কেটবল, কেৰম, গীত, নৃত্যৰ প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হ’ব। উল্লেখয্যেগ্য যে তৰ্কৰ বিষয়’ জি এছ টিৰ অৰ্থনৈতিক উন্নয়নত ভূমিকা‘ত শ্ৰেষ্ঠজনক বঁটা হিচাপে স্কুটি প্ৰদান কৰাৰ লগতে শ্ৰেষ্ঠ গ্ৰেজুৱেইটক স্কুটি আৰু লগতে অন্য বঁটাও প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

উদ্ভোধনী অনুষ্ঠানটোত ভাগ ল’ব ভাৰতৰ প্ৰাক্তন ৰাষ্টপতি প্ৰণৱ মুখাৰ্জী, বিশ্ববিদ্যালয় অনুদান আয়োগৰ প্ৰাক্তন অধ্যক্ষ বেদপ্ৰকাশ, দেশৰ আগশাৰীৰ লেখক, ঔদ্যোগিক, ষুৱ সমাজৰ পথ প্ৰদৰ্শক ক্ৰমে ৰশ্মি বাঞ্চাল আৰু থমাচ ৰনচন। মেগা ষ্টাৰ অমিতাভ বচ্চন অথবা ছলমান খানৰ অংশগ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে।

USTM ৰ ছাত্ৰ কল্যাণ তথা সমাজ বিজ্ঞানৰ অধ্যক্ষ ড০ অলকা শৰ্মাই সংবাদমেলৰ জৰিয়তে অংশগ্ৰহণ কৰিব বিচৰা কলেজসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়নৰ বাবদ ৩০০ টকাকৈ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.ustm.ac.in ত পঞ্জীয়ন কৰাৰ আহ্বান জনায়।