১০০০জনতকৈ অধিক লোকক মেঘালয়ত প্ৰৱেশ কৰিবলৈ নিদি ঘূৰাই পঠালে খাচি ছাত্ৰ সন্থাই

KhasiStudentsUnion

খাচি ছাত্ৰ সন্থাই আজি অসম হৈ মেঘালয়ত প্ৰৱেশ কৰিব খোজা গাড়ীত তালাচী চলোৱাৰ দৃশ্য।

খাচি ছাত্ৰ সন্থাৰ সভাপতি এল মাৰ্নগাৰে আজি কয় যে সংগঠনটোৱে আজি ৰাজ্যখনত অসম হৈ প্ৰৱেশ কৰিব খোজা প্ৰায় ১০০০জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি প্ৰৱেশৰ পৰা বাৰণ কৰে।

উল্লেখযোগ্য যে আজি খাচি ছাত্ৰ সন্থাই অসমৰ সৈতে লাগি থকা তিনিখন জিলাৰ সীমান্ত অঞ্চলৰ তিনি ঠাইত নিজা ববীয়াকৈ তালাচী চকী স্থাপন কৰিছিল। এই তালাচী চকীবোৰত ছাত্ৰ সংগঠনটোৰ সদস্য সকলে অসমৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰা সকলো যান-বাহনত তালাচী চলাই যাত্ৰীসকলৰ পৰিচয়সূচক নথি-পত্ৰ বিচাৰে।

মন কৰিব লগীয়া যে ৩০ জুলাইত অসমত উন্নীতকৰণ হৈ থকা এন আৰ চিৰ চূড়ান্ত খচৰাত ৪০ লাখৰো অধিক লোক বাদ পৰা বুলি খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে ছাত্ৰ সংগঠনটোৰ এই কাৰ্য্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

“পূব জয়ন্তীয়া পাহাৰৰ ৰাতাচেৰাত আমাৰ সদস্যসকলে ১০০০-অতকৈ অধিক লোকক চিনাক্ত কৰিছে, এই সকলোৰে লগত কোনো নথিপত্ৰ নাছিল আৰু তেওঁলোক আটাইবোৰ মেঘালয়লৈ প্ৰব্ৰজনৰ অৰ্থে আহিছিল।” মাৰ্নগাৰে কয়।

তেওঁ লগতে কয় যে ৰিভয় জিলাৰ ২০ মাইলতো ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ১০০তকৈ অধিক লোকক চিনাক্ত কৰিছে।

মাৰ্নগাৰে জনোৱা মতে এইদৰে চিনাক্ত কৰা সকলো লোককে আজি ৰাজ্যখনত প্ৰৱেশৰ পৰা বাৰণ কৰে আৰু ওভতাই পঠায়।

তেওঁ অভিযোগ কৰে যে আৰক্ষীৰ চেক গেইট আছে যদিও আৰক্ষীয়ে ভালদৰে দায়িত্ব পালন নকৰে বাবে তেওঁলোকে এই পদক্ষেপ লৈছো।

আনহাতে খাচি ছাত্ৰ সন্থাই আজি অভিযান চলোৱা বুলি জানিব পাৰি আৰক্ষীয়ে হস্তক্ষেপ কৰাৰ চেষ্টা কৰিছিল যদিও ছাত্ৰ সংগঠনটোৱে তাৰ মাজতে আবেলি ৪ বজালৈ এই অভিযান চলাই নিয়ে। তাৰ পিছত পূব জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষকে ছাত্ৰ সংগঠনটোৰ সৈতে এখন বৈঠকত মিলিত হ’বলৈ সন্মত হয়।

মন কৰিব লগীয়া যে ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে যাত্ৰীসকলৰ পৰা ধন দাবী কৰা আৰু মাৰপিট কৰাৰ অভিযোগো উত্থাপিত হৈছে।