NORTHEAST NOW (Assamese)

১০ কোটিৰ নিষিদ্ধ হেৰ’ইনসহ মিজোৰামৰ মহিলাক লুধিয়ানাত গ্ৰেপ্তাৰ

March 19, 2018 1:02 pm · এন ই নাও নিউজ

নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ অপৰাধত মিজোৰামৰ মহিলা এগৰাকীৰ সৈতে আন এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি শনিবাৰে খান্না- দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে তালাচী চলাই প্ৰায় ২ কিলোগ্ৰাম হেৰ’ইনসহ লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে দাবী কৰা অনুসৰি ড্ৰাগছ সৰবৰাহৰ অপৰাধত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত মিজোৰামৰ মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে এই সন্দৰ্ভত খান্নাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱজোৎ সিং মহলে সংবাদ মাধ্যমৰ আগত কয়- ‘গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শনিবাৰে আবেলি প্ৰায় ৪ বজাত আৰক্ষীয়ে  খান্না- দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত তালাচীৰ বাবে এটা চেক প’ষ্ট স্থাপন কৰা হয়। সেই সময়তে এখন মাটিয়া টয়’টা ইটিয়ছ গোবিন্দগড়ৰ পৰা আহে। বাহনখনত চলোৱা নিয়মমাফিক তালাচীৰ সময়ছোৱাত নিষিদ্ধ হেৰ’ইনসহ ৰাজ কুমাৰ ছাক্সেনা (৪২) আৰু এল ভি নিয়ালুম (২৯) নামৰ মিজোৰামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰা হয়।’

জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১০ কোটি টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে।আনহাতে আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি উক্ত ড্ৰাগছখিনি দিল্লীৰ পৰা পঞ্জাৱলৈ নিয়াৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী দুজনে।

ইতিমধ্যে আৰক্ষীয়ে দুয়োগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related News