১১ বজালৈক উপস্থিত নাই বিষয়া-কৰ্মচাৰী; নলবাৰীৰ ডি টি অ’ৰ কোঠাত উপায়ুক্তই লগালে তলা

প্ৰতিনিধিত্বমূলক ফটো

আজি নলবাৰীৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত জিলা উপায়ুক্ত উপস্থিত হৈ পৰিবহণ বিষয়া গৰাকীৰ কোঠাত ওলমালে তলা।

উল্লেখযোগ্য যে আজি দিনৰ প্ৰায় ১১ বজাত নলবাৰী জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে আকস্মিকভাৱে নলবাৰী জিলা পৰিবহণ কাৰ্যালয়ত উপস্থিত হৈ পৰিদৰ্শন কৰে।

কিন্তু মন কৰিব লগীয়া যে জিলা উপায়ুক্ত গৰাকী উপস্থিত হোৱালৈকে কাৰ্যালয়ত উপস্থিত হোৱা নাছিল জিলা পৰিবহণ বিষয়া দিলীপ দাস। ফলত লগে লগে জিলা উপায়ুক্ত গৰাকীয়ে পৰিবহণ বিষয়া গৰাকীৰ কোঠাত তলা লগাই দিয়ে।

লগতে উপায়ুক্ত গৰাকীয়ে আন একাংশ কৰ্মচাৰীও উপস্থিত নথকা দেখি উপস্থিতিৰ বহি পৰীক্ষা কৰি অনুপস্থিত কৰ্মচাৰী সকলৰ এদিনৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি নলবাৰীৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যাপক অনিয়ম, কৰ্মচাৰীৰ অনুপস্থিতিয়ে সৰ্বসাধাৰণ ৰাইজক জ্বলাকলা খুৱাই আহিছে।

আনহাতে পৰিবহণ মন্ত্ৰীৰ গৃহ জিলাতে এনেদৰে পৰিবহণ বিষায়ৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে অনিয়ম, দুৰ্নীতি সংঘটিত কৰি অহা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। পৰিবহণ মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত এনে বিষয়া-কৰ্মচাৰী সকলৰ বিৰুদ্ধে অতি শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়।

ইফালে আজি জিলা উপায়ুক্ত গৰাকীৰ এনে পদক্ষেপক স্থানীয় ৰাইজে প্ৰশংসা কৰাৰ লগতে নলবাৰীৰ সমষ্টিৰ বিধায়ক অশোক শর্মাইও উপায়ুক্ত গৰাকীৰ এনে পদক্ষেপক প্ৰশংসা কৰে।