১১ মে’ৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ত গ্ৰীন হাব মহোৎসৱ

ATTACHMENT

উত্তৰ- পূৰ্বাঞ্চলবাসীৰ মাজত বন্যপ্ৰাণী, পৰিৱেশ, আৰু জৈৱ বৈচিত্ৰ্যৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে অহা ১১ মে’ৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব গ্ৰীন হাব মহোৎসৱ ২০১৮। বিশ্ববিদ্যালয়খনৰ জিবিআৰ প্ৰেক্ষাগৃহত এই মহোৎসৱখন অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে আয়োজকসকলে।

প্ৰতিবছৰে অনুষ্ঠিত হোৱা এই মহোৎসৱখনৰ জৰিয়তে উত্তৰ- পূৰ্বাঞ্চলবাসীৰ মাজত জৈৱ বৈচিত্ৰ্য, পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধিৰ লগতে সামাজিক পৰিৱৰ্তনৰ প্ৰয়াস কৰি অহা হৈছে।

উল্লেখযোগ্য যে সকলোৰে বাবে মুকলি থকা এই তিনিদিনীয়া মহোৎসৱখনত বিশিষ্ট পৰিচালকসকলৰ পৰিৱেশ সংৰক্ষণ, বন্যপ্ৰাণী সম্বন্ধীয় চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।

আনহাতে মহোৎসৱখনৰ লগত সংগতি ৰাখি কলা আৰু চলচ্চিত্ৰ নিৰ্মাণ বিষয়ক এখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।ইয়াৰ জৰিয়তে উত্তৰ- পূবৰ যুৱক- যুৱতী সকলে নিজৰ প্ৰতিভা বিকাশৰ লগতে নতুন তিন্তাৰ সমল আগবঢ়াবলৈ সক্ষম হ’ব। মহোৎসৱখনত পৰিৱেশ সংৰক্ষণ আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত আহি পৰা সমস্যা সমূহো খৰচী মাৰি আলোচনা কৰিব বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ সকলে।

তিনিদিনীয়া মহোৎসৱখনত কলা আৰু চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাত বিজয়ী সকললৈ পুস্কাৰ বিতৰণ কৰা হ’ব।অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তাসকলে বন্যপ্ৰাণীপ্ৰেমীৰ লগতে সমূহ ৰাইজক সহায়- সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।