NORTHEAST NOW (Assamese)

১৪ মাৰ্চত পাণ্ডু ৰে’লৱে পেঞ্চনাৰ সংস্থাৰ দশম দ্বিবাৰ্ষিক সাধাৰণ অধিবেশন

March 1, 2018 10:39 am · এন ই নাও নিউজ

পাণ্ডুত অহা ১৪ মাৰ্চত এন এফ ৰে’লৱে পেঞ্চনাৰ সংস্থাৰ পাণ্ডু শাখাই ইয়াৰ দশম দ্বিবাৰ্ষিক সাধাৰণ অধিবেশন অনুষ্ঠিত কৰিব।

এন এফ ৰে’লৱে পেঞ্চনাৰ সংস্থাৰ মুখ্য পৰামৰ্শদাতা অশিত মোহন ৰয়ে অধিবেশনখন মুকলি কৰিব।

অধিবেশনখনত ৰে’লৱে পেঞ্চনাৰসকলৰ সলকো বিলাক মুখ্য সমস্যা উত্থাপন কৰাৰ লগতে সমস্যাসমূহৰ সমাধানৰ বাবে ভবিষ্যতে লব লগা কাৰ্যপন্থাৰ ওপৰতো আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে।

জানিব পৰা মতে সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শবলীৰ ভিত্তিত পেঞ্চনাৰ সকলে নতুনকৈ নিৰ্ধাৰিত পেঞ্চন লাভ নকৰাৰ বাবে তেওঁলোক যথেষ্ট উদ্বিগ্ন হৈ আছে।

ইয়াৰ উপৰি চিকিৎসকৰ অভাৱ, বহু পেঞ্চনাৰক নিয়মিতভাৱে প্ৰয়োজন হোৱা ঔষধৰ অভাৱ, পেঞ্চনাৰ সকলৰ অবিবাহিতা/ বিধৱা/বিবাহ বিচ্ছেদ হোৱা কণ্যা সন্তান সকলে জীৱনযোৰা পৰিয়াল পেঞ্চনৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আদিৰ ওপৰত আলোচনা কৰা হ’ব বুলি পেঞ্চনাৰ সংস্থাৰ ফালৰ পৰা জনোৱা হৈছে।

পাণ্ডু শাখাৰ সম্পাদক গৰাকীয়ে সকলো ৰে’লৱে পেঞ্চনাৰকে উক্ত অধিবেশনখনত অংশগ্ৰহণ কৰিবলৈ এক প্ৰছ বিবৃতি যোগে আহ্বান জনাইছে।

 

Related News