১৮ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ‘চাইক্ল’থন’ৰ দ্বিতীয় সংস্কৰণ

অহা ১৮ ফেব্ৰুৱাৰীত গুৱাহাটীত ‘চাইক্ল’থন’ৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ’ব। গুৱাহাটী চাইক্ল’থনৰ আয়োজন কৰিছে এভ্ৰিথিং আউটডোৰ (ই অ’) নামৰ সংস্থাটোৱে। তেওঁলোকৰ এই আয়োজনৰ ট্যাগ্ লাইনটো হৈছে ‘চাইকেল চলাওক, প্ৰকৃতিক বচাওক’।

এই অনুষ্ঠানৰ আয়োজনৰ মূল উদ্দেশ্যটো হৈছে জনসাধাৰণক চাইকেল চলোৱাৰ প্ৰতি আগ্ৰহী কৰি তোলা কিয়নো ই স্বাস্থ্যৰ বাবে উপযোগী। ই লগতে মহানগৰখনক পৰিস্কাৰ আৰু সেউজ কৰি ৰখাত সহায় কৰিব। এই অনুষ্ঠানত প্ৰায় ৪০০ চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানটো তিনিটা প্ৰধান শাখাত বিভক্ত কৰা হৈছে- ১৫ কিলোমিটাৰৰ বিনোদন চালনা, নিয়মীয়া জ’নত ৩০ কিলোমিটাৰ আৰু প্ৰ’ জ’নত ৬০ কিলোমিটাৰ চাইকেল চালনা অনুষ্ঠিত হ’ব।

যোৱা বছৰ মাৰ্চৰ ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা চাইক্ল’থনৰ প্ৰথমটো সংস্কৰণ কেইবাটাও শাখাত অনুষ্ঠিত হৈছিল। ১০ জুনত নৈশ চাইকেল চালনা, জুলাইৰ ২৩ তাৰিখে অনা উন্মোচিত অঞ্চললৈ চাইকেল চালনা, ৯ ছেপ্টেম্বৰত অবিৰত চাইকেল যাত্ৰা, অক্টোবৰৰ ২২ তাৰিখে অভিভাৱকৰ সৈতে চাইক্ল’পেডিয়া আৰু নৱেম্বৰৰ ২২ তাৰিখৰ ৰাণ এণ্ড ৰাইড: ডেকাথলন ক্ৰীড়া উৎসৱে চাইকেল চালনাৰ প্ৰতি অধিক অনুৰাগীক আকৰ্ষিত কৰা দেখা গৈছিল।