’১৯ত বিজেপি-বিপিএফৰ বিৰুদ্ধে যুঁজিব ইউ পি পি এলে, প্ৰতিষ্ঠা দিৱসত ঘোষণা উৰ্খাও গৌৰাৰ

upll assam

২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপি-বিপিএফৰ বিৰুদ্ধে যুঁজিবলৈ টঙালি বান্ধিছে বি টি চিৰ একমাত্ৰ বিৰোধী দল ইউনাইটেড পিপল্স পাৰ্টি লিবাৰেল চমুকৈ ইউ পি পি এল।

দলটোৰ তৃতীয় প্ৰতিষ্ঠা দিৱসত আজি ৫ আগষ্টত এই কথা ঘোষণা কৰিছে সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই।

‘বৰ্তমান শাসনাধিষ্ঠ বিপিএফ আৰু বিজেপিৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে আমি সাজু,’ কোনো ৰাজনৈতিক দলৰ সৈতে লগ হোৱাৰ কথা ইউ পি পি এলে বৰ্তমান চিন্তা কৰা নাই বুলি উল্লেখ কৰি ঘোষণা উৰ্খাও গৌৰাৰ।

আনহাতে ইউ পি পি এলে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বি টি চি আৰু বি টি চিৰ বাহিৰতো দুটা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও ব্ৰহ্মই ঘোষণা কৰে।

বৰ্তমান অসমৰ লগতে দেশজুৰি ব্যাপকভাৱে চৰ্চিত এন আৰ চি সন্দৰ্ভটো মন্তব্য কৰিছে নেতাজনে। ‘চূড়ান্ত এন আৰ চিত প্ৰকৃত নাগৰিকৰ যাতে নাম বাদ পৰি নাযায় সেই স্পৰ্শকাতৰ বিষয়ৰ ওপৰত নজৰ দিয়ক চৰকাৰে,’ ব্ৰহ্মৰ আহ্বান।

কোকৰাঝাৰ জিলাৰ দতমাত দলৰ মুখ্য কাৰ্য্যালয়ত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপিত হয়।

২০১৫ চনৰ আজিৰ দিনটোত এই স্থানতে জন্ম লাভ কৰা দলটোৱে ২০১৬ চনৰ বি টি চি নিৰ্বাচনত মুঠ ৭জন পৰিষদীয় সদস্যক বিজয়ী কৰিবলৈ সক্ষম হৈছিল।