১৯৫১ চনৰ ভিত্তিবৰ্ষই খিলঞ্জীয়াৰ ৰক্ষাকৱচ : উপমন্যু হাজৰিকা

Upamanyu Hazarika.jpg

প্ৰব্ৰজন বিৰোধী মঞ্চৰ সংবাদমেলত উপমন্যু হাজৰিকা। ফটো : য়ু বি।

কংগ্ৰেছ, আছুকে ধৰি ৰাজ্যৰ অন্যান্য দল-সংগঠনে ১৯৭১ চনটো ভিত্তিবৰ্ষ হিচাপে লৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াটো চলাই নিবলৈ দাবী জনাই থকাৰ সময়তে প্ৰব্ৰজন বিৰোধী মঞ্চই ১৯৫১ চনটো ভিত্তি হিচাপে লোৱাত অটল স্থিতি ৰখাৰ লগতে ইয়াৰ দাবীত অভিযান অব্যাহত ৰাখিছে।

এই সন্দৰ্ভত শনিবাৰে গুৱাহাটীৰ গৌৰীসদনত প্ৰব্ৰজন বিৰোধী মঞ্চৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। সেই সভাত মৰিগাওঁ, নগাঁও, চৰাইদেউ, গোলাঘাট, শিবসাগৰ, যোৰহাট ইত্যাদি কেইবাখনো জিলাৰ পৰা প্ৰব্ৰজন বিৰোধী মঞ্চৰ প্ৰতিনিধিসকলৰ সমাৱেশ ঘটে।

সভাত বক্তব্য দাঙি ধৰি প্ৰব্ৰজন বিৰোধী মঞ্চৰ সভাপতি উপমন্যু হাজৰিকাই ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে ল’বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনোৱাৰ লগতে খিলঞ্জীয়াৰ ভূমি অধিকাৰ সংৰক্ষণ কৰিবৰ বাবে অহা ১৯ মে’ত প্ৰায় ৫ লাখ গণ স্বাক্ষৰসহ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও উক্ত সভাতে ঘোষণা কৰে।

তেওঁ কয়, “১৯৭১ চনৰ ২৪ মাৰ্চ ভিত্তিবৰ্ষ কেৱল অসমতহে প্ৰযোজ্য, বাকী সকলোবোৰ ৰাজ্যত ১৯৫১ চনটোক ভিত্তিবৰ্ষ হিচাপে ধৰা হয়। লগতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা প্ৰব্ৰজনকাৰীৰে সেই সময়ৰ আগৰ প্ৰব্ৰজনকাৰীৰ লগত বৈধ বা অবৈধ ৰূপত সম্বন্ধ দেখুৱাই নাগৰিকত্ব পাবলৈ সক্ষম হ’ব পাৰে। এই কেলেংকাৰি এন আৰ চিৰ ক্ষেত্ৰতো হৈ আছে, যাৰ ফলত খিলঞ্জীয়া নাগৰিক আৰু প্ৰব্ৰজনকাৰী নাগৰিকসকলে সম অধিকাৰ লাভ কৰি আহিছে। এনে পৰিস্থিতিত ১৯৫১ চনটো ভিত্তিবৰ্ষ হ’লে খিলঞ্জীয়া আৰু প্ৰব্ৰজনকাৰীৰ মাজত সম অধিকাৰ নাথাকিব আৰু খিলঞ্জীয়া এই অন্যায়ৰ পৰা মুক্ত হ’ব।”

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বে এখন আইন প্ৰস্তুত নকৰিলে সমগ্ৰ খিলঞ্জীয়া লোকসকলৰ সমৰ্থন হেৰুৱাব বুলিও হাজৰিকাই শনিবাৰৰ সভাত দাবী জনায়।

সভাৰ শেষত উপমন্যু হাজৰিকাই এখন সংবাদমেল সম্বোধন কৰি কয়, “ৰাইজে ইতিমধ্যে জনমত প্ৰকাশ কৰিছে যে আহিব লগীয়া বাংলাদেশীসকলকো আনিব নোৱাৰে আৰু থকাখিনিও অসমৰ পৰা যাতে যাবলৈ বাধ্য হয়। আমি প্ৰথম অবস্থাত ৩ লাখ লোকৰ স্বাক্ষৰ লৈছিলো। তাৰ পিছত এতিয়া মৰিগাওঁ, পেঙেৰীকে ধৰি মুঠ ২৪খন ঠাইত গণস্বাক্ষৰ অভিযান চলাই প্ৰায় ৫ লাখ চহী সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো। পেঙেৰীত ৰাইজে ১০ দিনত প্ৰায় ১৫ হাজাৰ স্বাক্ষৰ, নগাঁৱৰ কাকীত ১৫ দিনত ৩০ হাজাৰ লোকে স্বাক্ষৰ কৰিছে।”